ছূৰা 50 · জুজ 26
Qaf · 50:22
لَقَدْ كُنْتَ فِي غَفْلَةٍ مِنْ هَٰذَا فَكَشَفْنَا عَنْكَ غِطَاءَكَ فَبَصَرُكَ الْيَوْمَ حَدِيدٌ
অৱশ্যে এই দিন সম্পৰ্কে তুমি উদাসীন আছিলা, তাৰ পিছত আমিয়ে তোমাৰ সন্মুখৰ পৰা পৰ্দা উন্মোচন কৰিছো। ফলত আজি তোমাৰ দৃষ্টি অতি প্ৰখৰ।
তাফছীৰ
খেদি লৈ অহা সেই মানুহজনক কোৱা হ’বঃ তুমি পৃথিৱীৰ লোভনীয় সা-সামগ্ৰীৰ মোহত পৰি এই দিৱস সম্পৰ্কে অমনোযোগী হৈ আছিলা। কিন্তু এতিয়া শাস্তি আৰু কষ্টদায়ক পৰিস্থিতি দেখি তোমাৰ অমনোযোগিতাৰ পৰ্দা খুল খাইছে। আজি তোমাৰ দৃষ্টি শক্তি চোকা হৈছে, গতিকে অমনোযোগিতাৰ অৱস্থাত তুমি যি দেখা পোৱা নাছিলা, সেইবোৰ আজি দেখি আছা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক