ছূৰা 50 · জুজ 26
Qaf · 50:23
وَقَالَ قَرِينُهُ هَٰذَا مَا لَدَيَّ عَتِيدٌ
আৰু তাৰ সঙ্গীয়ে (ফিৰিস্তাই) ক’ব, ‘এয়া মোৰ ওচৰত আমলনামা প্ৰস্তুত।
তাফছীৰ
তাৰ সঙ্গী অৰ্থাৎ তাৰ সৈতে নিয়োজিত ফিৰিস্তাই ক’বঃ এয়া চাওক, এওঁৰ সকলো কৰ্মৰ বিৱৰণ মোৰ ওচৰত আছে, ইয়াত কোনো ধৰণৰ কম-বেছি কৰা হোৱা নাই।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক