ছূৰা 50 · জুজ 26
Qaf · 50:16
وَلَقَدْ خَلَقْنَا الْإِنْسَانَ وَنَعْلَمُ مَا تُوَسْوِسُ بِهِ نَفْسُهُ ۖ وَنَحْنُ أَقْرَبُ إِلَيْهِ مِنْ حَبْلِ الْوَرِيدِ
অৱশ্যে আমি মানুহক সৃষ্টি কৰিছো আৰু তাৰ প্ৰবৃত্তিয়ে তাক যি কুমন্ত্ৰণা দিয়ে সেইটোও আমি জানো; আৰু আমি তাৰ ঘাৰৰ ধমনীতকৈয়ো অধিক ওচৰত।
তাফছীৰ
নিশ্চয় আমিয়ে মানুহক সৃষ্টি কৰিছোঁ, গতিকে মানুহৰ অন্তৰত উদ্ভৱ হোৱা সকলো চিন্তা-চৰ্চা তথা ধাৰণা সম্পৰ্কে আমি অৱগত। আমি তাৰ হৃদপিণ্ডত সংযুক্ত মহাধমনীতকৈও ওচৰত আছোঁ।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক