وَالذَّارِيَاتِ ذَرْوًا1
শপত ধূলি উৰুৱাই নিয়া বতাহৰ,
فَالْحَامِلَاتِ وِقْرًا2
তাৰ পিছত পানীৰ বোজা বহনকাৰী মেঘমালাৰ,
فَالْجَارِيَاتِ يُسْرًا3
তাৰ পিছত মৃদুগতিত বৈ যোৱা নৌযানসমূহৰ,
فَالْمُقَسِّمَاتِ أَمْرًا4
তাৰ পিছত (আল্লাহৰ) নিৰ্দেশ বন্টনকাৰী ফিৰিস্তাসকলৰ--
إِنَّمَا تُوعَدُونَ لَصَادِقٌ5
তোমালোকক দিয়া প্ৰতিশ্ৰুতি অৱশ্যে সত্য।
وَإِنَّ الدِّينَ لَوَاقِعٌ6
নিশ্চয় প্ৰতিদান দিৱস অৱশ্যম্ভাৱী।
وَالسَّمَاءِ ذَاتِ الْحُبُكِ7
শপত বহু পথ বিশিষ্ট আকাশৰ,
إِنَّكُمْ لَفِي قَوْلٍ مُخْتَلِفٍ8
নিশ্চয় তোমালোক পৰস্পৰ বিৰোধী কথাত লিপ্ত।
يُؤْفَكُ عَنْهُ مَنْ أُفِكَ9
বিৰত ৰখা হয় তাৰ পৰা যিয়ে বিৰত থাকে।
قُتِلَ الْخَرَّاصُونَ10
মিছলীয়াসকল ধ্বংস হওঁক!
الَّذِينَ هُمْ فِي غَمْرَةٍ سَاهُونَ11
যিসকল সন্দেহ-সংশয়ত নিপতিত, উদাসীন।
يَسْأَلُونَ أَيَّانَ يَوْمُ الدِّينِ12
সিহঁতে সোধে, ‘প্ৰতিদান দিৱস কেতিয়া হ’ব’?
يَوْمَ هُمْ عَلَى النَّارِ يُفْتَنُونَ13
‘যিদিনা সিহঁতক জুইত শাস্তি দিয়া হ’ব’।
ذُوقُوا فِتْنَتَكُمْ هَٰذَا الَّذِي كُنْتُمْ بِهِ تَسْتَعْجِلُونَ14
কোৱা হ’ব, ‘তোমালোকে তোমালোকৰ শাস্তি ভোগ কৰা, ইয়াৰ বাবেই তোমালোকে খৰধৰ কৰিছিলা’।
إِنَّ الْمُتَّقِينَ فِي جَنَّاتٍ وَعُيُونٍ15
নিশ্চয় মুত্তাক্বীসকল থাকিব জান্নাতসমূহত আৰু নিজৰা প্ৰবাহিত স্থানত,
آخِذِينَ مَا آتَاهُمْ رَبُّهُمْ ۚ إِنَّهُمْ كَانُوا قَبْلَ ذَٰلِكَ مُحْسِنِينَ16
তেওঁলোকৰৰ প্ৰতিপালকে তেওঁলোকক যি দান কৰিব সেয়া তেওঁলোকে আনন্দচিত্তে গ্ৰহণ কৰিব; নিশ্চয় ইতিপূৰ্বে এওঁলোক আছিল সৎকৰ্মশীল,
كَانُوا قَلِيلًا مِنَ اللَّيْلِ مَا يَهْجَعُونَ17
ৰাতিৰ অতি কম সময় তেওঁলোকে টোপনীত কটাইছিল,
وَبِالْأَسْحَارِ هُمْ يَسْتَغْفِرُونَ18
আৰু ৰাতিৰ শেষ প্ৰহৰত তেওঁলোকে ক্ষমা প্ৰাৰ্থনা কৰিছিল,
وَفِي أَمْوَالِهِمْ حَقٌّ لِلسَّائِلِ وَالْمَحْرُومِ19
আৰু তেওঁলোকৰ ধন-সম্পদত আছিল ভিখাৰী আৰু বঞ্চিতসকলৰ হক।
وَفِي الْأَرْضِ آيَاتٌ لِلْمُوقِنِينَ20
আৰু সুনিশ্চিত বিশ্বাসীসকলৰ বাবে পৃথিৱীত বহুতো নিদৰ্শন আছে,
وَفِي أَنْفُسِكُمْ ۚ أَفَلَا تُبْصِرُونَ21
আৰু তোমালোকৰ নিজৰ মাজতো আছে। তোমালোকে লক্ষ্য নকৰা নেকি?
وَفِي السَّمَاءِ رِزْقُكُمْ وَمَا تُوعَدُونَ22
আৰু আকাশত আছে তোমালোকৰ জীৱিকা আৰু প্ৰতিশ্ৰুতি দিয়া সকলো বস্তু।
فَوَرَبِّ السَّمَاءِ وَالْأَرْضِ إِنَّهُ لَحَقٌّ مِثْلَ مَا أَنَّكُمْ تَنْطِقُونَ23
এতেকে আকাশ আৰু পৃথিৱীৰ প্ৰতিপালকৰ শপত! নিশ্চয় এইটো পৰম সত্য যেনেকৈ তোমালোকৰ কথা কোৱাটো সত্য।
هَلْ أَتَاكَ حَدِيثُ ضَيْفِ إِبْرَاهِيمَ الْمُكْرَمِينَ24
ইব্ৰাহীমৰ সন্মানিত অতিথিৰ বৃত্তান্ত তোমাৰ ওচৰত আহিছেনে?
إِذْ دَخَلُوا عَلَيْهِ فَقَالُوا سَلَامًا ۖ قَالَ سَلَامٌ قَوْمٌ مُنْكَرُونَ25
যেতিয়া তেওঁলোকে তেওঁৰ ওচৰত আহিলে আৰু ক'লে, ‘ছালাম’, উত্তৰত তেৱোঁ ক'লে ‘ছালাম’। এওঁলোক দেখুন অচিনাকি।
فَرَاغَ إِلَىٰ أَهْلِهِ فَجَاءَ بِعِجْلٍ سَمِينٍ26
তাৰ পিছত তেওঁ দ্ৰুতভাৱে গোপনে নিজ গৃহিণীৰ ওচৰলৈ গ’ল আৰু এটা স্বাস্থবান গো-পোৱালী (ভজা) লৈ উপস্থিত গ’ল,
فَقَرَّبَهُ إِلَيْهِمْ قَالَ أَلَا تَأْكُلُونَ27
তাৰ পিছত তেওঁ সেইটো তেওঁলোকৰ সন্মুখত ৰাখি ক’লে, ‘আপোনালোকে নাখায় নেকি’?
فَأَوْجَسَ مِنْهُمْ خِيفَةً ۖ قَالُوا لَا تَخَفْ ۖ وَبَشَّرُوهُ بِغُلَامٍ عَلِيمٍ28
ফলত তেওঁলোকৰ বিষয়ে তেওঁৰ মনত ভীতিৰ সঞ্চাৰ হ’ল। তেওঁলোকে ক’লে, ‘ভয় নকৰিব’; আৰু তেওঁলোকে তেওঁক এজন জ্ঞানী পুত্ৰ সন্তানৰ সুসংবাদ দিলে।
فَأَقْبَلَتِ امْرَأَتُهُ فِي صَرَّةٍ فَصَكَّتْ وَجْهَهَا وَقَالَتْ عَجُوزٌ عَقِيمٌ29
তেতিয়া তেওঁৰ স্ত্ৰী চিঞঁৰি চিঞঁৰি আগুৱাই আহিলে আৰু নিজৰে মুখত থপৰিয়াই ক’লে, বৃদ্ধা-বন্ধ্যা (ৰ সন্তান হ’ব?)।
قَالُوا كَذَٰلِكِ قَالَ رَبُّكِ ۖ إِنَّهُ هُوَ الْحَكِيمُ الْعَلِيمُ30
তেওঁলোকে ক’লে, ‘তোমাৰ প্ৰতিপালকে এইটোৱে কৈছে; নিশ্চয় তেওঁ প্ৰজ্ঞাময়, সৰ্বজ্ঞ’।
۞ قَالَ فَمَا خَطْبُكُمْ أَيُّهَا الْمُرْسَلُونَ31
ইব্ৰাহীমে ক’লে, ‘হে প্ৰেৰিত ফিৰিস্তাসকল! তোমালোকৰ বিশেষ কাম কি’?
قَالُوا إِنَّا أُرْسِلْنَا إِلَىٰ قَوْمٍ مُجْرِمِينَ32
তেওঁলোকে ক’লে, ‘নিশ্চয় আমি এটা অপৰাধী সম্প্ৰদায়ৰ প্ৰতি প্ৰেৰিত হৈছো’।
لِنُرْسِلَ عَلَيْهِمْ حِجَارَةً مِنْ طِينٍ33
সিহঁতৰ ওপৰত পকা মাটিৰ টুকুৰা নিক্ষেপ কৰিবলৈ,
مُسَوَّمَةً عِنْدَ رَبِّكَ لِلْمُسْرِفِينَ34
যিটো তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা চিহ্নিত সীমালঙ্ঘনকাৰীসকলৰ বাবে।
فَأَخْرَجْنَا مَنْ كَانَ فِيهَا مِنَ الْمُؤْمِنِينَ35
আৰু তাত যিসকল মুমিন আছিল আমি সিহঁতক উলিয়াই আনিছো।
فَمَا وَجَدْنَا فِيهَا غَيْرَ بَيْتٍ مِنَ الْمُسْلِمِينَ36
কিন্তু আমি তাত এটা পৰিয়ালৰ বাহিৰে আন কোনো মুছলিম পোৱা নাই।
وَتَرَكْنَا فِيهَا آيَةً لِلَّذِينَ يَخَافُونَ الْعَذَابَ الْأَلِيمَ37
আৰু যিসকলে যন্ত্ৰণাদায়ক শাস্তিক ভয় কৰে আমি সিহঁতৰ বাবে তাত এটা নিদৰ্শন থৈ আহিছো।
وَفِي مُوسَىٰ إِذْ أَرْسَلْنَاهُ إِلَىٰ فِرْعَوْنَ بِسُلْطَانٍ مُبِينٍ38
আৰু মূছাৰ কাহিনীতো নিদৰ্শন আছে, যেতিয়া আমি তেওঁক সুস্পষ্ট প্ৰমাণসহ ফিৰআউনৰ ওচৰত পঠিয়াইছিলো,
فَتَوَلَّىٰ بِرُكْنِهِ وَقَالَ سَاحِرٌ أَوْ مَجْنُونٌ39
কিন্তু সি ক্ষমতাৰ অহংকাৰত মুখ ঘূৰাই ল’লে আৰু ক’লে, ‘এওঁ এজন যাদুকৰ নহ’লে উন্মাদ’।
فَأَخَذْنَاهُ وَجُنُودَهُ فَنَبَذْنَاهُمْ فِي الْيَمِّ وَهُوَ مُلِيمٌ40
ফলত আমি তাক আৰু তাৰ সৈন্য বাহিনীক শাস্তি বিহিলো আৰু সিহঁতক সাগৰত নিক্ষেপ কৰিলো আৰু সি আছিল তিৰস্কৃত।
وَفِي عَادٍ إِذْ أَرْسَلْنَا عَلَيْهِمُ الرِّيحَ الْعَقِيمَ41
আৰু নিদৰ্শন আছে আদ সম্প্ৰদায়ৰ ঘটনাতো, (স্মৰণ কৰা) যেতিয়া আমি সিহঁতৰ বিৰুদ্ধে অকল্যাণকৰ বতাহ প্ৰেৰণ কৰিছিলো;
مَا تَذَرُ مِنْ شَيْءٍ أَتَتْ عَلَيْهِ إِلَّا جَعَلَتْهُ كَالرَّمِيمِ42
সেই বতাহজাক একোৱে এৰা নাছিল, যাৰ ওপৰেদি গৈছিল তাক চূৰ্ণ-বিচূৰ্ণ কৰি গৈছিল।
وَفِي ثَمُودَ إِذْ قِيلَ لَهُمْ تَمَتَّعُوا حَتَّىٰ حِينٍ43
আৰু নিদৰ্শন আছে ছামূদ সম্প্ৰদায়ৰ ঘটনাতো, যেতিয়া সিহঁতক কোৱা হৈছিল, ‘এটা নিৰ্দিষ্ট সময় লৈকে ভোগ কৰি লোৱা’।
فَعَتَوْا عَنْ أَمْرِ رَبِّهِمْ فَأَخَذَتْهُمُ الصَّاعِقَةُ وَهُمْ يَنْظُرُونَ44
কিন্তু সিহঁতে সিহঁতৰ প্ৰতিপালকৰ আদেশ মানিবলৈ অহংকাৰ কৰিলে; ফলত সিহঁত চাই থকা অৱস্থাতে সিহঁতক বজ্ৰপাতে ধৰিলে।
فَمَا اسْتَطَاعُوا مِنْ قِيَامٍ وَمَا كَانُوا مُنْتَصِرِينَ45
ফলত সিহঁতে থিয় হ’বলৈকেও সক্ষম নহ’ল আৰু প্ৰতিৰোধো কৰিব নোৱাৰিলে।
وَقَوْمَ نُوحٍ مِنْ قَبْلُ ۖ إِنَّهُمْ كَانُوا قَوْمًا فَاسِقِينَ46
আৰু (ধ্বংস কৰিছিলো) ইয়াৰ আগত নূহৰ সম্প্ৰদায়ক, নিশ্চয় সিহঁত আছিল ফাছিক্ব সম্প্ৰদায়।
وَالسَّمَاءَ بَنَيْنَاهَا بِأَيْدٍ وَإِنَّا لَمُوسِعُونَ47
আৰু আমি আমাৰ ক্ষমতাৰ বলত আকাশ নিৰ্মাণ কৰিছো আৰু নিশ্চয় আমি মহাসম্প্ৰসাৰণকাৰী।
وَالْأَرْضَ فَرَشْنَاهَا فَنِعْمَ الْمَاهِدُونَ48
আৰু আমি পৃথিৱীখনক পাৰি দিছো, (চোৱাচোন, আমি) কিমান সুন্দৰ ব্যৱস্থাপনাকাৰী!
وَمِنْ كُلِّ شَيْءٍ خَلَقْنَا زَوْجَيْنِ لَعَلَّكُمْ تَذَكَّرُونَ49
আৰু আমি প্ৰতিটো বস্তু যোৰা যোৰা সৃষ্টি কৰিছো, যাতে তোমালোকে উপদেশ গ্ৰহণ কৰা।
فَفِرُّوا إِلَى اللَّهِ ۖ إِنِّي لَكُمْ مِنْهُ نَذِيرٌ مُبِينٌ50
এতেকে তোমালোকে আল্লাহৰ ফালে ধাৱিত হোৱা, নিশ্চয় মই কেৱল তেওঁৰ তৰফৰ পৰা এজন স্পষ্ট সতৰ্ককাৰী।
وَلَا تَجْعَلُوا مَعَ اللَّهِ إِلَٰهًا آخَرَ ۖ إِنِّي لَكُمْ مِنْهُ نَذِيرٌ مُبِينٌ51
আৰু তোমালোকে আল্লাহৰ লগত আন কোনো ইলাহ নিৰ্ধাৰণ নকৰিবা; নিশ্চয় মই কেৱল তেওঁৰ তৰফৰ পৰা এজন স্পষ্ট সতৰ্ককাৰী।
كَذَٰلِكَ مَا أَتَى الَّذِينَ مِنْ قَبْلِهِمْ مِنْ رَسُولٍ إِلَّا قَالُوا سَاحِرٌ أَوْ مَجْنُونٌ52
এইদৰে সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ মাজত যেতিয়াই কোনো ৰাছুল আহিছে, সিহঁতেই কৈছে, ‘এওঁ এজন যাদুকৰ নহ’লে উন্মাদ’।
أَتَوَاصَوْا بِهِ ۚ بَلْ هُمْ قَوْمٌ طَاغُونَ53
সিহঁতে ইজনে সিজনক এই বিষয়ে অছিয়ত কৰিছে নেকি? বৰং সিহঁত সীমালঙ্ঘনকাৰী সম্প্ৰদায়।
فَتَوَلَّ عَنْهُمْ فَمَا أَنْتَ بِمَلُومٍ54
এতেকে তুমি সিহঁতক উপেক্ষা কৰা, তোমাৰ কোনো দোষ নহ’ব।
وَذَكِّرْ فَإِنَّ الذِّكْرَىٰ تَنْفَعُ الْمُؤْمِنِينَ55
আৰু তুমি উপদেশ দি থাকা, কাৰণ নিশ্চয় উপদেশ মুমিনসকলৰ উপকাৰত আহে।
وَمَا خَلَقْتُ الْجِنَّ وَالْإِنْسَ إِلَّا لِيَعْبُدُونِ56
আৰু মই জিন আৰু মানুহক কেৱল এই বাবেই সৃষ্টি কৰিছো যে, সিহঁত কেৱল মোৰেই ইবাদত কৰিব।
مَا أُرِيدُ مِنْهُمْ مِنْ رِزْقٍ وَمَا أُرِيدُ أَنْ يُطْعِمُونِ57
মই সিহঁতৰ পৰা কোনো জীৱিকা নিবিচাৰো আৰু মই এইটোও নিবিচাৰো যে, সিহঁতে মোক খুৱাব।
إِنَّ اللَّهَ هُوَ الرَّزَّاقُ ذُو الْقُوَّةِ الْمَتِينُ58
নিশ্চয় আল্লাহেই জীৱিকাদাতা, প্ৰবল শক্তিধৰ, পৰাক্ৰমশালী।
فَإِنَّ لِلَّذِينَ ظَلَمُوا ذَنُوبًا مِثْلَ ذَنُوبِ أَصْحَابِهِمْ فَلَا يَسْتَعْجِلُونِ59
এতেকে যিহঁতে অন্যায় কৰিছে সিহঁতৰ বাবে আছে সিহঁতৰ সমমতালম্বীসকলৰ দৰে প্ৰাপ্য (শাস্তি); গতিকে সিহঁতে খৰখেদা কৰিব নালাগে।
فَوَيْلٌ لِلَّذِينَ كَفَرُوا مِنْ يَوْمِهِمُ الَّذِي يُوعَدُونَ60
এতেকে যিহঁতে কুফৰী কৰিছে সিহঁতৰ বাবে সেইদিনৰ ধ্বংস, যি দিনটোৰ বিষয়ে সিহঁতক সতৰ্ক কৰা হৈছে।