ছূৰা 51 · জুজ 27
Adh-Dhariyat · 51:44
فَعَتَوْا عَنْ أَمْرِ رَبِّهِمْ فَأَخَذَتْهُمُ الصَّاعِقَةُ وَهُمْ يَنْظُرُونَ
কিন্তু সিহঁতে সিহঁতৰ প্ৰতিপালকৰ আদেশ মানিবলৈ অহংকাৰ কৰিলে; ফলত সিহঁত চাই থকা অৱস্থাতে সিহঁতক বজ্ৰপাতে ধৰিলে।
তাফছীৰ
সিহঁতে নিজ প্ৰতিপালকৰ আদেশ মানিবলৈ অহংকাৰ কৰিছিল, আৰু এই অহংকাৰেই সিহঁতক ঈমান পোষণ কৰাত আৰু আনুগত্য কৰাত বাধা প্ৰদান কৰিছিল। ফলত কঠিন শাস্তিৰ বজ্ৰপাতে সিহঁতক আগুৰি ধৰিছিল, অথচ সেই শাস্তিৰ বাবেই সিহঁতে অপেক্ষা কৰি আছিল। কিয়নো তিনিদিন পূৰ্বেই সিহঁতক এই শাস্তিৰ পৰা সতৰ্ক কৰা হৈছিল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক