ছূৰা 51 · জুজ 27
Adh-Dhariyat · 51:52
كَذَٰلِكَ مَا أَتَى الَّذِينَ مِنْ قَبْلِهِمْ مِنْ رَسُولٍ إِلَّا قَالُوا سَاحِرٌ أَوْ مَجْنُونٌ
এইদৰে সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ মাজত যেতিয়াই কোনো ৰাছুল আহিছে, সিহঁতেই কৈছে, ‘এওঁ এজন যাদুকৰ নহ’লে উন্মাদ’।
তাফছীৰ
মক্কাৰ অধিবাসীসকলৰ দৰেই পূৰ্বৱৰ্তী উম্মতৰ লোকসকলেও অস্বীকাৰ কৰিছিল। এতেকে সিহঁতৰ ওচৰত যেতিয়া কোনো ৰাছুল আহিছিল, সিহঁতে তেওঁক যাদুকৰ অথবা উন্মাদ বুলি কৈছিল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক