ছূৰা 51 · জুজ 27

Adh-Dhariyat · 51:37

وَتَرَكْنَا فِيهَا آيَةً لِلَّذِينَ يَخَافُونَ الْعَذَابَ الْأَلِيمَ

আৰু যিসকলে যন্ত্ৰণাদায়ক শাস্তিক ভয় কৰে আমি সিহঁতৰ বাবে তাত এটা নিদৰ্শন থৈ আহিছো।

তাফছীৰ

আমি লূত সম্প্ৰদায়ৰ জনবসতিত শাস্তিৰ কিছুমান চিহ্ন এৰিছোঁ, যিবোৰে প্ৰমাণ কৰে যে, সিহঁতৰ ওপৰত শাস্তি অৱতীৰ্ণ হৈছিল; যাতে সেইসকল লোকে ইয়াৰ দ্বাৰা শিক্ষা লাভ কৰে, যিসকলে কষ্টদায়ক শাস্তিক ভয় কৰে, আৰু তেওঁলোকে যেন এনেকুৱা কাম নকৰে যিবোৰ কাম সিহঁতে কৰিছিল; যাতে এনেকুৱা শাস্তিৰ পৰা ৰক্ষা পাব পাৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক