As-Sajdah

سورة السجدة

ছূৰা 32 · মক্কী · 30 আয়াত

32:1জুজ 21 · পৃ. 415

الم1

আলিফ-লাম-মীম।
32:2জুজ 21 · পৃ. 415

تَنْزِيلُ الْكِتَابِ لَا رَيْبَ فِيهِ مِنْ رَبِّ الْعَالَمِينَ2

এই কিতাব সৃষ্টিজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা অৱতীৰ্ণ, ইয়াত কোনো সন্দেহ নাই।
32:3জুজ 21 · পৃ. 415

أَمْ يَقُولُونَ افْتَرَاهُ ۚ بَلْ هُوَ الْحَقُّ مِنْ رَبِّكَ لِتُنْذِرَ قَوْمًا مَا أَتَاهُمْ مِنْ نَذِيرٍ مِنْ قَبْلِكَ لَعَلَّهُمْ يَهْتَدُونَ3

অথবা সিহঁতে এই কথা কয় নেকি যে, ‘এইটো তেওঁ নিজেই ৰচনা কৰিছে’? নহয়, বৰং এয়া তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা অহা সত্য, যাতে তুমি এনেকুৱা এটা সম্প্ৰদায়ক সতৰ্ক কৰিব পাৰা, যিসকলৰ ওচৰত তোমাৰ পূৰ্বে আন কোনো সতৰ্ককাৰী অহা নাই, সম্ভৱত সিহঁতে হিদায়ত লাভ কৰিব।
32:4জুজ 21 · পৃ. 415

اللَّهُ الَّذِي خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ وَمَا بَيْنَهُمَا فِي سِتَّةِ أَيَّامٍ ثُمَّ اسْتَوَىٰ عَلَى الْعَرْشِ ۖ مَا لَكُمْ مِنْ دُونِهِ مِنْ وَلِيٍّ وَلَا شَفِيعٍ ۚ أَفَلَا تَتَذَكَّرُونَ4

আল্লাহেই সেই সত্তা, যিজনে আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মধ্যৱৰ্তী সকলো বস্তু কেৱল ছয় দিনত সৃষ্টি কৰিছে। তাৰ পিছত তেওঁ আৰছৰ ওপৰত উঠিছে। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱক নাই আৰু কোনো মধ্যস্ততাকাৰীও নাই, তথাপিও তোমালোকে উপদেশ গ্ৰহণ নকৰিবা নে?
32:5জুজ 21 · পৃ. 415

يُدَبِّرُ الْأَمْرَ مِنَ السَّمَاءِ إِلَى الْأَرْضِ ثُمَّ يَعْرُجُ إِلَيْهِ فِي يَوْمٍ كَانَ مِقْدَارُهُ أَلْفَ سَنَةٍ مِمَّا تَعُدُّونَ5

তেৱেঁই আকাশৰ পৰা পৃথিৱী লৈকে সকলো বিষয় পৰিচালনা কৰে, তাৰ পিছত সেয়া এদিন তেওঁৰ ওচৰলৈকে উঠিব, যাৰ পৰিমাণ হ’ব তোমালোকৰ গণনা অনুসাৰে এহেজাৰ বছৰ।
32:6জুজ 21 · পৃ. 415

ذَٰلِكَ عَالِمُ الْغَيْبِ وَالشَّهَادَةِ الْعَزِيزُ الرَّحِيمُ6

তেওঁ গায়েব আৰু উপস্থিত (যাৱতীয় বিষয়ৰ) জ্ঞানী, প্ৰবল পৰাক্ৰমশালী, পৰম দয়ালু।
32:7জুজ 21 · পৃ. 415

الَّذِي أَحْسَنَ كُلَّ شَيْءٍ خَلَقَهُ ۖ وَبَدَأَ خَلْقَ الْإِنْسَانِ مِنْ طِينٍ7

যিজনে তেওঁৰ প্ৰত্যেকটো সৃষ্টিক সৃজন কৰিছে উত্তমৰূপে আৰু বোকা মাটিৰ পৰা মানৱ সৃষ্টিৰ সূচনা কৰিছে।
32:8জুজ 21 · পৃ. 415

ثُمَّ جَعَلَ نَسْلَهُ مِنْ سُلَالَةٍ مِنْ مَاءٍ مَهِينٍ8

তাৰ পিছত তেৱেঁই মানুহৰ বংশ উৎপন্ন কৰিছে তুচ্ছ তৰল পদাৰ্থৰ উপাদানৰ পৰা।
32:9জুজ 21 · পৃ. 415

ثُمَّ سَوَّاهُ وَنَفَخَ فِيهِ مِنْ رُوحِهِ ۖ وَجَعَلَ لَكُمُ السَّمْعَ وَالْأَبْصَارَ وَالْأَفْئِدَةَ ۚ قَلِيلًا مَا تَشْكُرُونَ9

তাৰ পিছত তেৱেঁই তাক সুঠাম কৰিছে আৰু তাত তেওঁৰ ৰূহ ফুঁৱাই দিছে। তেৱেঁই তোমালোকৰ বাবে কাণ, চকু আৰু অন্তঃকৰণ সৃষ্টি কৰিছে। তোমালোকে খুবেই কম কৃতজ্ঞতা প্ৰকাশ কৰা।
32:10জুজ 21 · পৃ. 415

وَقَالُوا أَإِذَا ضَلَلْنَا فِي الْأَرْضِ أَإِنَّا لَفِي خَلْقٍ جَدِيدٍ ۚ بَلْ هُمْ بِلِقَاءِ رَبِّهِمْ كَافِرُونَ10

আৰু সিহঁতে কয়, ‘আমি যেতিয়া মাটিত মিহলি যাম তাৰ পিছতো আমি নতুন সৃষ্টিৰূপে উত্থিত হমনে’? বৰং সিহঁতে নিজ প্ৰতিপালকৰ সাক্ষাতক অস্বীকাৰ কৰে।
32:11জুজ 21 · পৃ. 415

۞ قُلْ يَتَوَفَّاكُمْ مَلَكُ الْمَوْتِ الَّذِي وُكِّلَ بِكُمْ ثُمَّ إِلَىٰ رَبِّكُمْ تُرْجَعُونَ11

কোৱা, ‘তোমালোকৰ বাবেই নিয়োগ কৰা হৈছে মৃত্যুৰ ফিৰিস্তা তেৱেঁই তোমালোকৰ প্ৰাণ হৰণ কৰিব। তাৰ পিছত তোমালোকৰ প্ৰতিপালকৰ ওচৰতেই তোমালোকক উভতাই নিয়া হ’ব’।
32:12জুজ 21 · পৃ. 416

وَلَوْ تَرَىٰ إِذِ الْمُجْرِمُونَ نَاكِسُو رُءُوسِهِمْ عِنْدَ رَبِّهِمْ رَبَّنَا أَبْصَرْنَا وَسَمِعْنَا فَارْجِعْنَا نَعْمَلْ صَالِحًا إِنَّا مُوقِنُونَ12

আৰু তুমি যদি দেখিলাহেঁতেন! যেতিয়া অপৰাধী বিলাকে মূৰ অৱনত কৰি ক’ব, ‘হে আমাৰ ৰব! আমি দেখিলো আৰু শুনিলো, এতেকে তুমি আমাক পুনৰ পঠাই দিয়া, আমি সৎকৰ্ম কৰিম, নিশ্চয় আমি দৃঢ় বিশ্বাসী’।
32:13জুজ 21 · পৃ. 416

وَلَوْ شِئْنَا لَآتَيْنَا كُلَّ نَفْسٍ هُدَاهَا وَلَٰكِنْ حَقَّ الْقَوْلُ مِنِّي لَأَمْلَأَنَّ جَهَنَّمَ مِنَ الْجِنَّةِ وَالنَّاسِ أَجْمَعِينَ13

আৰু আমি ইচ্ছা কৰিলে প্ৰত্যেক ব্যক্তিকেই ইয়াৰ হিদায়ত দিলোহেঁতেন; কিন্তু মোৰ ফালৰ পৰা এই কথা নিশ্চিতভাৱে সাব্যস্ত যে, নিশ্চয় মই কিছুমান জিন আৰু মানুহৰ দ্বাৰা জাহান্নাম পূৰণ কৰিম।
32:14জুজ 21 · পৃ. 416

فَذُوقُوا بِمَا نَسِيتُمْ لِقَاءَ يَوْمِكُمْ هَٰذَا إِنَّا نَسِينَاكُمْ ۖ وَذُوقُوا عَذَابَ الْخُلْدِ بِمَا كُنْتُمْ تَعْمَلُونَ14

এতেকে ‘শাস্তি আস্বাদন কৰা, কাৰণ তোমালোকে এই দিনৰ সাক্ষাতৰ কথা পাহৰি গৈছিলা। নিশ্চয় আমিও তোমালোকক পৰিত্যাগ কৰিলো। তোমালোকে যি আমল কৰিছিলা তাৰ বাবে তোমালোকে স্থায়ী শাস্তি ভোগ কৰা’।
32:15জুজ 21 · পৃ. 416

إِنَّمَا يُؤْمِنُ بِآيَاتِنَا الَّذِينَ إِذَا ذُكِّرُوا بِهَا خَرُّوا سُجَّدًا وَسَبَّحُوا بِحَمْدِ رَبِّهِمْ وَهُمْ لَا يَسْتَكْبِرُونَ ۩15

কেৱল তেওঁলোকেই আমাৰ আয়াতসমূহৰ প্ৰতি বিশ্বাস স্থাপন কৰে, যিসকলে ইয়াৰ দ্বাৰা উপদেশ প্ৰাপ্ত হ’লে ছাজদাত পৰি যায় আৰু নিজ প্ৰতিপালকৰ সপ্ৰশংস পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে, আৰু তেওঁলোকে অহংকাৰ নকৰে।
32:16জুজ 21 · পৃ. 416

تَتَجَافَىٰ جُنُوبُهُمْ عَنِ الْمَضَاجِعِ يَدْعُونَ رَبَّهُمْ خَوْفًا وَطَمَعًا وَمِمَّا رَزَقْنَاهُمْ يُنْفِقُونَ16

তেওঁলোকৰ শৰীৰ বিছনাৰ পৰা পৃথক থাকে। তেওঁলোকে ভয় আৰু আশাৰে নিজ প্ৰতিপালকক আহ্বান কৰে আৰু আমি তেওঁলোকক যি জীৱিকা দান কৰিছো তাৰ পৰা তেওঁলোকে ব্যয় কৰে।
32:17জুজ 21 · পৃ. 416

فَلَا تَعْلَمُ نَفْسٌ مَا أُخْفِيَ لَهُمْ مِنْ قُرَّةِ أَعْيُنٍ جَزَاءً بِمَا كَانُوا يَعْمَلُونَ17

এতেকে কোনোৱেই নাজানে তেওঁলোকৰ বাবে চকু জুৰ পেলোৱা কি লুকুৱাই ৰখা হৈছে তেওঁলোকৰ কৃতকৰ্মৰ পুৰষ্কাৰ স্বৰূপ!
32:18জুজ 21 · পৃ. 416

أَفَمَنْ كَانَ مُؤْمِنًا كَمَنْ كَانَ فَاسِقًا ۚ لَا يَسْتَوُونَ18

এতেকে যিজন ব্যক্তি মুমিন তেওঁ ফাছিকৰ দৰে হ’ব পাৰেনে? তেওঁলোক কেতিয়াও সমান নহয়।
32:19জুজ 21 · পৃ. 416

أَمَّا الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ فَلَهُمْ جَنَّاتُ الْمَأْوَىٰ نُزُلًا بِمَا كَانُوا يَعْمَلُونَ19

যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকৰ কৃতকৰ্মৰ ফলস্বৰূপে তেওঁলোকৰ আপ্যায়নৰ বাবে আছে জান্নাতৰ বাসস্থান।
32:20জুজ 21 · পৃ. 416

وَأَمَّا الَّذِينَ فَسَقُوا فَمَأْوَاهُمُ النَّارُ ۖ كُلَّمَا أَرَادُوا أَنْ يَخْرُجُوا مِنْهَا أُعِيدُوا فِيهَا وَقِيلَ لَهُمْ ذُوقُوا عَذَابَ النَّارِ الَّذِي كُنْتُمْ بِهِ تُكَذِّبُونَ20

আৰু যিসকলে পাপকৰ্ম কৰে সিহঁতৰ বাসস্থান হ’ব জুই; যেতিয়াই সিহঁতে তাৰ পৰা ওলাব বিচাৰিব তেতিয়াই সিহঁতক তালৈ উভতাই দিয়া হ’ব আৰু সিহঁতক কোৱা হ’ব, ‘যি জুইৰ শাস্তিক তোমালোকে মিছা প্ৰতিপন্ন কৰিছিলা সেইটো আস্বাদন কৰা’।
32:21জুজ 21 · পৃ. 417

وَلَنُذِيقَنَّهُمْ مِنَ الْعَذَابِ الْأَدْنَىٰ دُونَ الْعَذَابِ الْأَكْبَرِ لَعَلَّهُمْ يَرْجِعُونَ21

আৰু অৱশ্যে আমি সিহঁতক মহা শাস্তিৰ পূৰ্বে অলপ লঘু শাস্তি আস্বাদন কৰাম, যাতে সিহঁতে উভতি আহে।
32:22জুজ 21 · পৃ. 417

وَمَنْ أَظْلَمُ مِمَّنْ ذُكِّرَ بِآيَاتِ رَبِّهِ ثُمَّ أَعْرَضَ عَنْهَا ۚ إِنَّا مِنَ الْمُجْرِمِينَ مُنْتَقِمُونَ22

যি ব্যক্তি নিজ প্ৰতিপালকৰ আয়াতসমূহৰ মাধ্যমত উপদেশপ্ৰাপ্ত হোৱাৰ পিছতো তাৰ পৰা মুখ ঘূৰাই লয়, তাতকৈ ডাঙৰ যালিম আৰু কোন হ’ব পাৰে? নিশ্চয় আমি অপৰাধী বিলাকৰ পৰা প্ৰতিশোধ গ্ৰহণকাৰী।
32:23জুজ 21 · পৃ. 417

وَلَقَدْ آتَيْنَا مُوسَى الْكِتَابَ فَلَا تَكُنْ فِي مِرْيَةٍ مِنْ لِقَائِهِ ۖ وَجَعَلْنَاهُ هُدًى لِبَنِي إِسْرَائِيلَ23

আৰু অৱশ্যে আমি মুছাক কিতাব প্ৰদান কৰিছিলো, এতেকে তুমি তেওঁৰ সাক্ষাতৰ বিষয়ে সন্দেহ পোষণ নকৰিবা; আৰু আমি সেই (কিতাব)টোক বনী ইছৰাঈলৰ বাবে হিদায়তস্বৰূপ কৰি দিছিলো।
32:24জুজ 21 · পৃ. 417

وَجَعَلْنَا مِنْهُمْ أَئِمَّةً يَهْدُونَ بِأَمْرِنَا لَمَّا صَبَرُوا ۖ وَكَانُوا بِآيَاتِنَا يُوقِنُونَ24

আৰু আমি সিহঁতৰ মাজৰ পৰা বহু কেইজন নেতা মনোনীত কৰিছিলো, তেওঁলোকে আমাৰ নিৰ্দেশ অনুযায়ী সৎপথ প্ৰদৰ্শন কৰিছিল, যিহেতু তেওঁলোক ধৈৰ্য ধাৰণ কৰিছিল; আৰু তেওঁলোক আমাৰ আয়াতসমূহৰ প্ৰতি দৃঢ় বিশ্বাস পোষণ কৰিছিল।
32:25জুজ 21 · পৃ. 417

إِنَّ رَبَّكَ هُوَ يَفْصِلُ بَيْنَهُمْ يَوْمَ الْقِيَامَةِ فِيمَا كَانُوا فِيهِ يَخْتَلِفُونَ25

নিশ্চয় তোমাৰ প্ৰতিপালকে কিয়ামতৰ দিনা সিহঁতৰ মাজত ফয়চালা কৰি দিব, যি বিষয়ে সিহঁতে মতবিৰোধ কৰি আছে।
32:26জুজ 21 · পৃ. 417

أَوَلَمْ يَهْدِ لَهُمْ كَمْ أَهْلَكْنَا مِنْ قَبْلِهِمْ مِنَ الْقُرُونِ يَمْشُونَ فِي مَسَاكِنِهِمْ ۚ إِنَّ فِي ذَٰلِكَ لَآيَاتٍ ۖ أَفَلَا يَسْمَعُونَ26

এইটোৱেও সিহঁতক হিদায়ত নকৰিলেনে যে, আমি সিহঁতৰ পূৰ্বে কিমান প্ৰজন্মক ধ্বংস কৰিছো, যিসকলৰ বাসভূমিত সিহঁতে বিচৰণ কৰি থাকে? নিশ্চয় ইয়াত আছে বহুতো নিদৰ্শন; তথাপিও সিহঁতে নুশুনিবনে?
32:27জুজ 21 · পৃ. 417

أَوَلَمْ يَرَوْا أَنَّا نَسُوقُ الْمَاءَ إِلَى الْأَرْضِ الْجُرُزِ فَنُخْرِجُ بِهِ زَرْعًا تَأْكُلُ مِنْهُ أَنْعَامُهُمْ وَأَنْفُسُهُمْ ۖ أَفَلَا يُبْصِرُونَ27

সিহঁতে লক্ষ্য কৰা নাইনে, আমিয়ে শুকান ভূমিৰ ওপৰেদি পানী প্ৰবাহিত কৰো। তাৰ পিছত সেইটোৰে শস্য উৎপন্ন কৰো, যাৰ পৰা সিহঁতৰ চতুষ্পদ জন্তুবোৰে আৰু সিহঁত নিজেও খাদ্য গ্ৰহণ কৰে? সিহঁতে লক্ষ্য নকৰেনে?
32:28জুজ 21 · পৃ. 417

وَيَقُولُونَ مَتَىٰ هَٰذَا الْفَتْحُ إِنْ كُنْتُمْ صَادِقِينَ28

আৰু সিহঁতে কয়, ‘তোমালোকে যদি সত্যবাদী হোৱা তেন্তে কোৱা, কেতিয়া হ’ব এই বিজয়’?
32:29জুজ 21 · পৃ. 417

قُلْ يَوْمَ الْفَتْحِ لَا يَنْفَعُ الَّذِينَ كَفَرُوا إِيمَانُهُمْ وَلَا هُمْ يُنْظَرُونَ29

কোৱা, ‘বিজয়ৰ দিনা কাফিৰসকলৰ ঈমান পোষণ কোনো কামত নাহিব আৰু সিহঁতক অৱকাশও দিয়া নহ’ব’।
32:30জুজ 21 · পৃ. 417

فَأَعْرِضْ عَنْهُمْ وَانْتَظِرْ إِنَّهُمْ مُنْتَظِرُونَ30

এতেকে তুমি সিহঁতক উপেক্ষা কৰা আৰু অপেক্ষা কৰা, নিশ্চয় সিহঁতেও অপেক্ষাকাৰী।

ছূৰাৰ আৰম্ভণিৰ পৰা চলাওক

Hani Ar-Rifai - As-Sajdah · Tlawati