ছূৰা 32 · জুজ 21

As-Sajdah · 32:27

أَوَلَمْ يَرَوْا أَنَّا نَسُوقُ الْمَاءَ إِلَى الْأَرْضِ الْجُرُزِ فَنُخْرِجُ بِهِ زَرْعًا تَأْكُلُ مِنْهُ أَنْعَامُهُمْ وَأَنْفُسُهُمْ ۖ أَفَلَا يُبْصِرُونَ

সিহঁতে লক্ষ্য কৰা নাইনে, আমিয়ে শুকান ভূমিৰ ওপৰেদি পানী প্ৰবাহিত কৰো। তাৰ পিছত সেইটোৰে শস্য উৎপন্ন কৰো, যাৰ পৰা সিহঁতৰ চতুষ্পদ জন্তুবোৰে আৰু সিহঁত নিজেও খাদ্য গ্ৰহণ কৰে? সিহঁতে লক্ষ্য নকৰেনে?

তাফছীৰ

আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা লোকসকলে দেখা নাপায় নেকি যে, আমি এনেকুৱা মৃত ভূমিত বৰষুণৰ পানী অৱতীৰ্ণ কৰোঁ য’ত উদ্ভিদৰ কোনো নাম গোন্ধ নাই, এতেকে সেই পানীৰ জৰিয়তেই আমি বিভিন্ন উদ্ভিদ আৰু খেতি-বাতি উৎপন্ন কৰোঁ, যিবোৰ সিহঁতৰ উট, গৰু, ছাগলী আদিয়ে ভক্ষণ কৰে, আনকি সিহঁত নিজেও ভক্ষণ কৰে? এইবোৰ সিহঁতে দেখা নাপায় নেকি? লগতে এই কথা সিহঁতে কিয় বুজি নাপায় যে, যি সত্তাই মৃত ভূমিক উদ্ভিদ উৎপন্নৰ বাবে উপযোগী কৰি তুলিব পাৰে, তেওঁ নিশ্চয় মৃত ব্যক্তিসকলক জীৱিত কৰি তুলিবলৈ সক্ষম?

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক