ছূৰা 32 · জুজ 21

As-Sajdah · 32:4

اللَّهُ الَّذِي خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ وَمَا بَيْنَهُمَا فِي سِتَّةِ أَيَّامٍ ثُمَّ اسْتَوَىٰ عَلَى الْعَرْشِ ۖ مَا لَكُمْ مِنْ دُونِهِ مِنْ وَلِيٍّ وَلَا شَفِيعٍ ۚ أَفَلَا تَتَذَكَّرُونَ

আল্লাহেই সেই সত্তা, যিজনে আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মধ্যৱৰ্তী সকলো বস্তু কেৱল ছয় দিনত সৃষ্টি কৰিছে। তাৰ পিছত তেওঁ আৰছৰ ওপৰত উঠিছে। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱক নাই আৰু কোনো মধ্যস্ততাকাৰীও নাই, তথাপিও তোমালোকে উপদেশ গ্ৰহণ নকৰিবা নে?

তাফছীৰ

আল্লাহেই আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছে, তথা এই দুয়োৰে মাজত থকা সকলো বস্তুকে তেওঁ কেৱল ছয় দিনত সৃষ্টি কৰিছে। অথচ তেওঁ নিমিষতে এইবোৰ সৃষ্টি কৰিবলৈ সক্ষম। ইয়াৰ পিছত তেওঁ নিজৰ মহা মৰ্যাদা অনুযায়ী আৰছৰ ওপৰত উঠিছে। হে মানৱজাতি! তেওঁৰ বাহিৰে তোমালোকৰ কোনো সংৰক্ষক নাই, যিয়ে তোমালোকৰ সকলো বিষয় সংৰক্ষণ কৰিব। তথা তোমালোকৰ কোনো মধ্যস্ততাকাৰীও নাই, যিয়ে তোমালোকৰ হৈ তেওঁৰ ওচৰত মধ্যস্ততা কৰিব। তোমালোকে চিন্তা-চৰ্চা নকৰা নেকি? এইটো তোমালোকৰ কেনেকুৱা স্বভাৱ, যিয়ে তোমালোকক সৃষ্টি কৰিছে তেওঁৰ ইবাদত নকৰি তোমালোকে আনৰ উপাসনা কৰি আছা?

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক