ছূৰা 32 · জুজ 21
As-Sajdah · 32:20
وَأَمَّا الَّذِينَ فَسَقُوا فَمَأْوَاهُمُ النَّارُ ۖ كُلَّمَا أَرَادُوا أَنْ يَخْرُجُوا مِنْهَا أُعِيدُوا فِيهَا وَقِيلَ لَهُمْ ذُوقُوا عَذَابَ النَّارِ الَّذِي كُنْتُمْ بِهِ تُكَذِّبُونَ
আৰু যিসকলে পাপকৰ্ম কৰে সিহঁতৰ বাসস্থান হ’ব জুই; যেতিয়াই সিহঁতে তাৰ পৰা ওলাব বিচাৰিব তেতিয়াই সিহঁতক তালৈ উভতাই দিয়া হ’ব আৰু সিহঁতক কোৱা হ’ব, ‘যি জুইৰ শাস্তিক তোমালোকে মিছা প্ৰতিপন্ন কৰিছিলা সেইটো আস্বাদন কৰা’।
তাফছীৰ
আনহাতে যিসকলে কুফৰী কৰি আৰু গুনাহত লিপ্ত হৈ আল্লাহৰ আনুগত্যৰ পৰা ওলাই গৈছিল, কিয়ামতৰ দিনা হ’বলগীয়া সিহঁতৰ ঠিকনাটো হৈছে জাহান্নাম, যিটো সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰখা হৈছে। তাত সিহঁতে চিৰকাল অৱস্থান কৰিব। যেতিয়াই সিহঁতে তাৰ পৰা ওলোৱাৰ চেষ্টা কৰিব, তেতিয়াই সিহঁতক তালৈ পুনৰ খেদি পঠিওৱা হ’ব। লগতে সিহঁতক ভৰ্ৎসনা কৰি কোৱা হ’বঃ “আজি জাহান্নামৰ এই শাস্তি ভোগ কৰা, যি শাস্তিক তোমালোকে পৃথিৱীত অস্বীকাৰ কৰিছিলা; যেতিয়া তোমালোকৰ ৰাছুলসকলে তোমালোকক এই শাস্তিৰ পৰা সতৰ্ক কৰিছিল”।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক