قَدْ أَفْلَحَ الْمُؤْمِنُونَ1
অৱশ্যে মুমিনসকল সফলকাম হৈছে,
الَّذِينَ هُمْ فِي صَلَاتِهِمْ خَاشِعُونَ2
যিসকলে নিজৰ ছালাতত ভীতি-অৱনত,
وَالَّذِينَ هُمْ عَنِ اللَّغْوِ مُعْرِضُونَ3
আৰু যিসকলে অসাৰ কথা-বতৰাৰ পৰা বিমুখ,
وَالَّذِينَ هُمْ لِلزَّكَاةِ فَاعِلُونَ4
আৰু যিসকলে যাকাতৰ ক্ষেত্ৰত সক্ৰিয়,
وَالَّذِينَ هُمْ لِفُرُوجِهِمْ حَافِظُونَ5
যিসকলে নিজৰ যৌনাংগক ৰাখে সংৰক্ষিত,
إِلَّا عَلَىٰ أَزْوَاجِهِمْ أَوْ مَا مَلَكَتْ أَيْمَانُهُمْ فَإِنَّهُمْ غَيْرُ مَلُومِينَ6
কেৱল নিজৰ স্ত্ৰী অথবা অধিকাৰভুক্ত দাসীসকলৰ বাহিৰে, নিশ্চয় ইয়াত তেওঁলোক নিন্দিত নহ’ব,
فَمَنِ ابْتَغَىٰ وَرَاءَ ذَٰلِكَ فَأُولَٰئِكَ هُمُ الْعَادُونَ7
এতেকে যিসকলে ইয়াৰ বাহিৰে আনক কামনা কৰিব, সিহঁতেই হ’ব সীমালঙ্ঘনকাৰী,
وَالَّذِينَ هُمْ لِأَمَانَاتِهِمْ وَعَهْدِهِمْ رَاعُونَ8
আৰু যিসকলে ৰক্ষা কৰে নিজৰ আমানত আৰু প্ৰতিশ্ৰুতি,
وَالَّذِينَ هُمْ عَلَىٰ صَلَوَاتِهِمْ يُحَافِظُونَ9
আৰু যিসকলে নিজৰ ছালাতত থাকে যত্নবান,
أُولَٰئِكَ هُمُ الْوَارِثُونَ10
তেওঁলোকেই হ’ব অধিকাৰী--
الَّذِينَ يَرِثُونَ الْفِرْدَوْسَ هُمْ فِيهَا خَالِدُونَ11
যিসকলে অধিকাৰী হ’ব ফিৰদাউছৰ, য’ত তেওঁলোক স্থায়ী হ’ব।
وَلَقَدْ خَلَقْنَا الْإِنْسَانَ مِنْ سُلَالَةٍ مِنْ طِينٍ12
অৱশ্যে আমি মানুহক সৃষ্টি কৰিছো মাটিৰ উপাদানৰ পৰা,
ثُمَّ جَعَلْنَاهُ نُطْفَةً فِي قَرَارٍ مَكِينٍ13
তাৰ পিছত আমি তাক স্থাপন কৰো শুক্ৰবিন্দুৰূপে এটা নিৰাপদ ভাণ্ডাৰত;
ثُمَّ خَلَقْنَا النُّطْفَةَ عَلَقَةً فَخَلَقْنَا الْعَلَقَةَ مُضْغَةً فَخَلَقْنَا الْمُضْغَةَ عِظَامًا فَكَسَوْنَا الْعِظَامَ لَحْمًا ثُمَّ أَنْشَأْنَاهُ خَلْقًا آخَرَ ۚ فَتَبَارَكَ اللَّهُ أَحْسَنُ الْخَالِقِينَ14
তাৰ পিছত আমি শুক্ৰবিন্দুক আলাকাত পৰিণত কৰো, পিছত আলাকাক পৰিণত কৰো মাংসপিণ্ডত, মাংসপিণ্ডক পৰিণত কৰো অস্থিত, তাৰ পিছত অস্থিক ঢাকি দিওঁ মাংসৰে, অৱশেষত আমি তাক গঢ়ি তোলোঁ আন এটা সৃষ্টিৰূপে। এতেকে (চোৱা) সৰ্বোত্তম স্ৰষ্টা আল্লাহ কিমান বৰকতময়!
ثُمَّ إِنَّكُمْ بَعْدَ ذَٰلِكَ لَمَيِّتُونَ15
ইয়াৰ পিছত অৱশ্যে তোমালোকে মৃত্যুবৰণ কৰিবা,
ثُمَّ إِنَّكُمْ يَوْمَ الْقِيَامَةِ تُبْعَثُونَ16
তাৰ পিছত কিয়ামতৰ দিনা তোমালোকক নিশ্চয় উত্থিত কৰা হ’ব।
وَلَقَدْ خَلَقْنَا فَوْقَكُمْ سَبْعَ طَرَائِقَ وَمَا كُنَّا عَنِ الْخَلْقِ غَافِلِينَ17
আৰু অৱশ্যে আমি তোমালোকৰ ওপৰত সৃষ্টি কৰিছো সাতোটা আকাশ আৰু আমি সৃষ্টি সম্পৰ্কে কদাপিও উদাসিন নহয়,
وَأَنْزَلْنَا مِنَ السَّمَاءِ مَاءً بِقَدَرٍ فَأَسْكَنَّاهُ فِي الْأَرْضِ ۖ وَإِنَّا عَلَىٰ ذَهَابٍ بِهِ لَقَادِرُونَ18
আৰু আমি আকাশৰ পৰা পানী বৰ্ষণ কৰো পৰিমিতভাৱে, ফলত সেয়া আমি মাটিত সংৰক্ষিত কৰো, আৰু আৱশ্যে আমি সেয়া অপসাৰণ কৰিবলৈয়ো সম্পূৰ্ণ সক্ষম।
فَأَنْشَأْنَا لَكُمْ بِهِ جَنَّاتٍ مِنْ نَخِيلٍ وَأَعْنَابٍ لَكُمْ فِيهَا فَوَاكِهُ كَثِيرَةٌ وَمِنْهَا تَأْكُلُونَ19
তাৰ পিছত আমি তাৰ দ্বাৰা তোমালোকৰ বাবে খেজুৰ আৰু আঙুৰৰ বাগান সৃষ্টি কৰো, য’ত তোমালোকৰ বাবে থাকে প্ৰচুৰ ফল, যিবোৰ তোমালোকে খোৱা;
وَشَجَرَةً تَخْرُجُ مِنْ طُورِ سَيْنَاءَ تَنْبُتُ بِالدُّهْنِ وَصِبْغٍ لِلْآكِلِينَ20
আৰু সৃষ্টি কৰো এটা গছ যিটো উৎপন্ন হয় চিনাই পৰ্বতত, যিটোৰ পৰা উৎপন্ন হয় আহাৰকাৰী সকলৰ বাবে তেল আৰু তৰকাৰি।
وَإِنَّ لَكُمْ فِي الْأَنْعَامِ لَعِبْرَةً ۖ نُسْقِيكُمْ مِمَّا فِي بُطُونِهَا وَلَكُمْ فِيهَا مَنَافِعُ كَثِيرَةٌ وَمِنْهَا تَأْكُلُونَ21
আৰু নিশ্চয় তোমালোকৰ বাবে ঘৰচীয়া জন্তুবোৰৰ মাজত আছে শিক্ষণীয় বিষয়, সেইবোৰৰ পেটত যি (গাখীৰ) আছে তাৰে পৰা আমি তোমালোকক পান কৰাওঁ আৰু তাত তোমালোকৰ বাবে আছে প্ৰচুৰ উপকাৰিতা, সেইবোৰ (জন্তু)ৰ পৰা তোমালোকে আহাৰো কৰা।
وَعَلَيْهَا وَعَلَى الْفُلْكِ تُحْمَلُونَ22
আৰু এইবোৰ পশু আৰু নৌযানত তোমালোকক আৰোহণ কৰোৱা হয়।
وَلَقَدْ أَرْسَلْنَا نُوحًا إِلَىٰ قَوْمِهِ فَقَالَ يَا قَوْمِ اعْبُدُوا اللَّهَ مَا لَكُمْ مِنْ إِلَٰهٍ غَيْرُهُ ۖ أَفَلَا تَتَّقُونَ23
অৱশ্যে আমি নূহক প্ৰেৰণ কৰিছিলো তেওঁৰ সম্প্ৰদায়ৰ ওচৰত। তেওঁ কলে হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই, তথাপিও তোমালোকে তাক্বনৱা অৱলম্বন নকৰিবানে?
فَقَالَ الْمَلَأُ الَّذِينَ كَفَرُوا مِنْ قَوْمِهِ مَا هَٰذَا إِلَّا بَشَرٌ مِثْلُكُمْ يُرِيدُ أَنْ يَتَفَضَّلَ عَلَيْكُمْ وَلَوْ شَاءَ اللَّهُ لَأَنْزَلَ مَلَائِكَةً مَا سَمِعْنَا بِهَٰذَا فِي آبَائِنَا الْأَوَّلِينَ24
তাৰ পিছত তেওঁৰ সম্প্ৰদায়ৰ নেতা শ্ৰেণীৰ লোক যিসকলে কুফৰী কৰিছিল সিহঁতে কলে, এওঁতো তোমালোকৰ দৰেই এজন মানুহ, এওঁ তোমালোকৰ ওপৰত শ্ৰেষ্ঠত্ব লাভ কৰিব বিচাৰিছে, যদি আল্লাহে ইচ্ছা কৰিলেহেঁতেন তেন্তে ফিৰিস্তাকেই অৱতীৰ্ণ কৰিলেহেঁতেন, আমি আমাৰ পূৰ্বপূৰুষসকলৰ ওচৰত এনেকুৱা ঘটনা কেতিয়াও শুনা নাই।
إِنْ هُوَ إِلَّا رَجُلٌ بِهِ جِنَّةٌ فَتَرَبَّصُوا بِهِ حَتَّىٰ حِينٍ25
নিশ্চয় এওঁ বলিয়া হৈছে, সেয়ে তোমালোকে ইয়াৰ বিষয়ে কিছুদিন ধৈৰ্য ধৰা।
قَالَ رَبِّ انْصُرْنِي بِمَا كَذَّبُونِ26
নূহে (আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰি) ক’লে, ‘হে মোৰ ৰব! মোক সহায় কৰা, কাৰণ সিহঁতে মোক মিছলীয়া বুলি অস্বীকাৰ কৰিছে’।
فَأَوْحَيْنَا إِلَيْهِ أَنِ اصْنَعِ الْفُلْكَ بِأَعْيُنِنَا وَوَحْيِنَا فَإِذَا جَاءَ أَمْرُنَا وَفَارَ التَّنُّورُ ۙ فَاسْلُكْ فِيهَا مِنْ كُلٍّ زَوْجَيْنِ اثْنَيْنِ وَأَهْلَكَ إِلَّا مَنْ سَبَقَ عَلَيْهِ الْقَوْلُ مِنْهُمْ ۖ وَلَا تُخَاطِبْنِي فِي الَّذِينَ ظَلَمُوا ۖ إِنَّهُمْ مُغْرَقُونَ27
ফলত আমি তেওঁৰ ওচৰত অহী প্ৰেৰণ কৰিলো, তুমি আমাৰ চক্ষুষ তত্ত্বাৱধায়নত আৰু আমাৰ অহী অনুযায়ী নৌযান নিৰ্মাণ কৰা, তাৰ পিছত যেতিয়া আমাৰ আদেশ আহিব আৰু চৌকাৰ পানী উথলি উঠিব, তেতিয়া প্ৰত্যেক জীৱ-জন্তুৰ একো যোৰকৈ লৈ (নাৱঁত) উঠিবা আৰু তোমাৰ পৰিয়ালবৰ্গকো লগত লবা, কেৱল সেইসকলৰ বাহিৰে যিসকলৰ বিৰুদ্ধে পূৰ্বেই সিদ্ধান্ত লোৱা হৈছে। লগতে সিহঁতৰ বিষয় লৈ তুমি মোক সম্বোধন নকৰিবা যিসকলে অন্যায় কৰিছে। নিশ্চয় সিহঁত ডুবি মৰিব।
فَإِذَا اسْتَوَيْتَ أَنْتَ وَمَنْ مَعَكَ عَلَى الْفُلْكِ فَقُلِ الْحَمْدُ لِلَّهِ الَّذِي نَجَّانَا مِنَ الْقَوْمِ الظَّالِمِينَ28
এতেকে যেতিয়া তুমি আৰু তোমাৰ সঙ্গীসকল নৌযানৰ ওপৰত স্থিৰ হ’বা তেতিয়া ক’বা, ‘সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবেই, যিয়ে আমাক উদ্ধাৰ কৰিছে যালিম সম্প্ৰদায়ৰ পৰা’।
وَقُلْ رَبِّ أَنْزِلْنِي مُنْزَلًا مُبَارَكًا وَأَنْتَ خَيْرُ الْمُنْزِلِينَ29
তুমি আৰু কোৱা, ‘হে মোৰ ৰব! মোক বৰকতময় অৱতৰণস্থলত অৱতৰণ কৰোৱা; আৰু তুমিয়েই শ্ৰেষ্ঠ আৱতৰণকাৰী’।
إِنَّ فِي ذَٰلِكَ لَآيَاتٍ وَإِنْ كُنَّا لَمُبْتَلِينَ30
নিশ্চয় ইয়াত আছে বহুতো নিদৰ্শন; আৰু আমি সিহঁতক পৰীক্ষাহে কৰিছিলো।
ثُمَّ أَنْشَأْنَا مِنْ بَعْدِهِمْ قَرْنًا آخَرِينَ31
এতেকে আমি সিহঁতৰ পিছত আন এটা প্ৰজন্ম সৃষ্টি কৰিছিলো,
فَأَرْسَلْنَا فِيهِمْ رَسُولًا مِنْهُمْ أَنِ اعْبُدُوا اللَّهَ مَا لَكُمْ مِنْ إِلَٰهٍ غَيْرُهُ ۖ أَفَلَا تَتَّقُونَ32
ইয়াৰ পিছত আমি সিহঁতৰ মাজৰেই এজনক ৰাছুল হিচাপে প্ৰেৰণ কৰিছিলো, তেওঁ কৈছিল, ‘তোমালোকে কেৱল আল্লাহৰেই ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই, তথাপিও তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে?
وَقَالَ الْمَلَأُ مِنْ قَوْمِهِ الَّذِينَ كَفَرُوا وَكَذَّبُوا بِلِقَاءِ الْآخِرَةِ وَأَتْرَفْنَاهُمْ فِي الْحَيَاةِ الدُّنْيَا مَا هَٰذَا إِلَّا بَشَرٌ مِثْلُكُمْ يَأْكُلُ مِمَّا تَأْكُلُونَ مِنْهُ وَيَشْرَبُ مِمَّا تَشْرَبُونَ33
আৰু তেওঁৰ সম্প্ৰদায়ৰ নেতাসকলে, যিসকলে কুফৰী কৰিছিল আৰু আখিৰাতৰ সাক্ষাতক অস্বীকাৰ কৰিছিল আৰু যিসকলক আমি প্ৰদান কৰিছিলো পাৰ্থিৱ জীৱনৰ প্ৰচুৰ ভোগ-সম্ভাৰ, সিহঁতে কৈছিল, ‘এওঁ দেখুন তোমালোকৰ দৰেই এজন মানুহ, তোমালোকে যি খোৱা তেৱোঁ তাকেই খায় আৰু তোমালোকে যি পান কৰা তেৱোঁ তাকেই পান কৰে;
وَلَئِنْ أَطَعْتُمْ بَشَرًا مِثْلَكُمْ إِنَّكُمْ إِذًا لَخَاسِرُونَ34
‘যদি তোমালোকে তোমালোকৰ দৰেই এজন মানুহৰ আনুগত্য কৰা তেন্তে তোমালোকে অৱশ্যে ক্ষতিগ্ৰস্ত হ’বা;
أَيَعِدُكُمْ أَنَّكُمْ إِذَا مِتُّمْ وَكُنْتُمْ تُرَابًا وَعِظَامًا أَنَّكُمْ مُخْرَجُونَ35
‘এওঁ তোমালোকক এই প্ৰতিশ্ৰুতি দিয়ে নেকি যে, তোমালোকে যেতিয়া মৃত্যুবৰণ কৰিবা আৰু তোমালোক মাটি আৰু অস্থিত পৰিণত হ’বা; তাৰ পিছতো তোমালোকক আকৌ উত্থিত কৰা হ’ব?
۞ هَيْهَاتَ هَيْهَاتَ لِمَا تُوعَدُونَ36
‘অসম্ভৱ, তোমালোকক যি বিষয়ে প্ৰতিশ্ৰুতি দিয়া হৈছে সেয়া অসম্ভৱ।
إِنْ هِيَ إِلَّا حَيَاتُنَا الدُّنْيَا نَمُوتُ وَنَحْيَا وَمَا نَحْنُ بِمَبْعُوثِينَ37
‘একমাত্ৰ পাৰ্থিৱ জীৱনেই আমাৰ জীৱন, আমাৰ জীৱন মৰণ ইয়াতেই; আৰু আমি কেতিয়াও পুনৰুত্থিত নহওঁ।
إِنْ هُوَ إِلَّا رَجُلٌ افْتَرَىٰ عَلَى اللَّهِ كَذِبًا وَمَا نَحْنُ لَهُ بِمُؤْمِنِينَ38
‘এওঁ এনেকুৱা এজন ব্যক্তি যিয়ে আল্লাহ সম্পৰ্কে মিছা অপবাদ দিছে, আমি তেওঁক কেতিয়াও বিশ্বাস নকৰো’।
قَالَ رَبِّ انْصُرْنِي بِمَا كَذَّبُونِ39
তেওঁ ক’লে, ‘হে মোৰ ৰব! মোক সহায় কৰা, কাৰণ সিহঁতে মোক মিছলীয়া বুলি অস্বীকাৰ কৰিছে’।
قَالَ عَمَّا قَلِيلٍ لَيُصْبِحُنَّ نَادِمِينَ40
আল্লাহে ক’লে, ‘কিছু সময়ৰ মাজতেই সিহঁত নিশ্চিতৰূপে অনুতপ্ত হ’ব’।
فَأَخَذَتْهُمُ الصَّيْحَةُ بِالْحَقِّ فَجَعَلْنَاهُمْ غُثَاءً ۚ فَبُعْدًا لِلْقَوْمِ الظَّالِمِينَ41
তাৰ পিছত এটা বিকট শব্দই সত্য-ন্যায়ৰ সৈতে সিহঁতক আক্ৰান্ত কৰিলে, ফলত আমি সিহঁতক বতাহে উৰুৱাই নিয়া আৱৰ্জনাৰ দৰে কৰি দিলো। এতেকে যালিম সম্প্ৰদায়ৰ বাবে কেৱল ধ্বংস।
ثُمَّ أَنْشَأْنَا مِنْ بَعْدِهِمْ قُرُونًا آخَرِينَ42
ইয়াৰ পিছত আমি আৰু বহু প্ৰজন্ম সৃষ্টি কৰিছো।
مَا تَسْبِقُ مِنْ أُمَّةٍ أَجَلَهَا وَمَا يَسْتَأْخِرُونَ43
কোনো জাতিয়েই সিহঁতৰ নিৰ্দিষ্ট সময়ক আগতীয়াকৈ আনিব নোৱাৰে আৰু পিছলৈয়ো ঠেলি দিব নোৱাৰে।
ثُمَّ أَرْسَلْنَا رُسُلَنَا تَتْرَىٰ ۖ كُلَّ مَا جَاءَ أُمَّةً رَسُولُهَا كَذَّبُوهُ ۚ فَأَتْبَعْنَا بَعْضَهُمْ بَعْضًا وَجَعَلْنَاهُمْ أَحَادِيثَ ۚ فَبُعْدًا لِقَوْمٍ لَا يُؤْمِنُونَ44
ইয়াৰ পিছত আমি এজনৰ পিছত এজনকৈ আমাৰ ৰাছুলসকলক প্ৰেৰণ কৰিছো। যেতিয়াই কোনো জাতিৰ ওচৰত সিহঁতৰ ৰাছুল আহিছে তেতিয়াই সিহঁতে তেওঁক অস্বীকাৰ কৰিছে। ফলত আমি সিহঁতক এটাৰ পিছত এটাকৈ ধ্বংস কৰি কাহিনীত পৰিণত কৰিছো। এতেকে যিসকলে ঈমান পোষণ নকৰে সেইবোৰ সম্প্ৰদায়ৰ বাবে কেৱল ধ্বংসই ধ্বংস!
ثُمَّ أَرْسَلْنَا مُوسَىٰ وَأَخَاهُ هَارُونَ بِآيَاتِنَا وَسُلْطَانٍ مُبِينٍ45
তাৰ পিছত আমি মুছা আৰু তেওঁৰ ভাতৃ হাৰূনক আমাৰ নিদৰ্শনাৱলীসহ লগতে সুস্পষ্ট প্ৰমাণসহ প্ৰেৰণ কৰিলো,
إِلَىٰ فِرْعَوْنَ وَمَلَئِهِ فَاسْتَكْبَرُوا وَكَانُوا قَوْمًا عَالِينَ46
ফিৰআউন আৰু তেওঁৰ পৰিষদবৰ্গৰ ওচৰত। কিন্তু সিহঁতে অহংকাৰ কৰিলে; আৰু সিহঁত আছিল উদ্ধত সম্প্ৰদায়।
فَقَالُوا أَنُؤْمِنُ لِبَشَرَيْنِ مِثْلِنَا وَقَوْمُهُمَا لَنَا عَابِدُونَ47
তাৰ পিছত সিহঁতে ক’লে, ‘আমি আমাৰ দৰেই দুজন ব্যক্তিৰ প্ৰতি ঈমান পোষণ কৰিমনে, অথচ তেওঁলোকৰ জাতিৰ মানুহবিলাক আমাৰ দাস’?
فَكَذَّبُوهُمَا فَكَانُوا مِنَ الْمُهْلَكِينَ48
এতেকে সিহঁতে তেওঁলোক উভয়কে অস্বীকাৰ কৰিলে, ফলত সিহঁত ধ্বংসপ্ৰাপ্ত সকলৰ অন্তৰ্ভুক্ত হ’ল।
وَلَقَدْ آتَيْنَا مُوسَى الْكِتَابَ لَعَلَّهُمْ يَهْتَدُونَ49
আৰু আমি অৱশ্যে মুছাক কিতাব প্ৰদান কৰিছিলো; যাতে সিহঁতে হিদায়ত পাব পাৰে।
وَجَعَلْنَا ابْنَ مَرْيَمَ وَأُمَّهُ آيَةً وَآوَيْنَاهُمَا إِلَىٰ رَبْوَةٍ ذَاتِ قَرَارٍ وَمَعِينٍ50
আমি মাৰইয়ামৰ পুত্ৰ আৰু তেওঁৰ মাতৃক এটা নিদৰ্শন বনাইছিলো আৰু তেওঁলোকক আশ্ৰয় দিছিলো এটা অৱস্থানযোগ্য আৰু প্ৰস্ৰৱণবিশিষ্ট উচ্চ ভূমিত।
يَا أَيُّهَا الرُّسُلُ كُلُوا مِنَ الطَّيِّبَاتِ وَاعْمَلُوا صَالِحًا ۖ إِنِّي بِمَا تَعْمَلُونَ عَلِيمٌ51
‘হে ৰাছুলসকল! তোমালোকে পৱিত্ৰ বস্তুৰ পৰা খাদ্য গ্ৰহণ কৰা আৰু সৎকৰ্ম কৰা; নিশ্চয় তোমালোকে যি কৰা সেই সম্পৰ্কে আমি সবিশেষ অৱগত।
وَإِنَّ هَٰذِهِ أُمَّتُكُمْ أُمَّةً وَاحِدَةً وَأَنَا رَبُّكُمْ فَاتَّقُونِ52
‘আৰু তোমালোকৰ এই উম্মত কেৱল এটাই উম্মত, আৰু ময়েই তোমালোকৰ ৰব; এতেকে কেৱল মোৰেই তাক্বৱা অৱলম্বন কৰা’।
فَتَقَطَّعُوا أَمْرَهُمْ بَيْنَهُمْ زُبُرًا ۖ كُلُّ حِزْبٍ بِمَا لَدَيْهِمْ فَرِحُونَ53
পিছতহে মানুহে সিহঁতৰ নিজৰ মাজত সিহঁতৰ এই দ্বীনক বহুধা বিভক্ত কৰিছে। প্ৰত্যেক দলেই সিহঁতৰ ওচৰত যি আছে সেইটো লৈহে আনন্দিত।
فَذَرْهُمْ فِي غَمْرَتِهِمْ حَتَّىٰ حِينٍ54
এতেকে কিছু সময়ৰ বাবে সিহঁতক সিহঁতৰ বিভ্ৰান্তিতে এৰি দিয়া।
أَيَحْسَبُونَ أَنَّمَا نُمِدُّهُمْ بِهِ مِنْ مَالٍ وَبَنِينَ55
সিহঁতে ভাৱে নেকি যে, আমি সিহঁতক যি ধন-সম্পদ আৰু সন্তান-সন্ততিৰ দ্বাৰা সহযোগিতা কৰিছো, তাৰ মাধ্যমত--
نُسَارِعُ لَهُمْ فِي الْخَيْرَاتِ ۚ بَلْ لَا يَشْعُرُونَ56
আমি সিহঁতৰ বাবে সকলো মঙ্গল তৰান্বিত কৰিম? নহয়, বৰং সিহঁতে উপলব্ধি কৰিব পৰা নাই।
إِنَّ الَّذِينَ هُمْ مِنْ خَشْيَةِ رَبِّهِمْ مُشْفِقُونَ57
নিশ্চয় যিসকলে নিজ প্ৰতিপালকৰ ভয়ত ভীত-সন্ত্ৰস্ত,
وَالَّذِينَ هُمْ بِآيَاتِ رَبِّهِمْ يُؤْمِنُونَ58
আৰু যিসকলে নিজ প্ৰতিপালকৰ নিদৰ্শনসমূহৰ প্ৰতি বিশ্বাস পোষণ কৰে,
وَالَّذِينَ هُمْ بِرَبِّهِمْ لَا يُشْرِكُونَ59
আৰু যিসকলে নিজ প্ৰতিপালকৰ লগত শ্বিৰ্ক নকৰে,
وَالَّذِينَ يُؤْتُونَ مَا آتَوْا وَقُلُوبُهُمْ وَجِلَةٌ أَنَّهُمْ إِلَىٰ رَبِّهِمْ رَاجِعُونَ60
আৰু যিসকলে দান কৰিবলগীয়া বস্তু ভীত-কম্পিত হৃদয়ত দান কৰে, এই কাৰণে যে, তেওঁলোকে নিজ প্ৰতিপালকৰ ওচৰত প্ৰত্যাৱৰ্তনকাৰী।
أُولَٰئِكَ يُسَارِعُونَ فِي الْخَيْرَاتِ وَهُمْ لَهَا سَابِقُونَ61
তেওঁলোকেই কল্যাণ সাধনত খৰধৰ কৰে আৰু তেওঁলোক তাত অগ্ৰগামী হয়।
وَلَا نُكَلِّفُ نَفْسًا إِلَّا وُسْعَهَا ۖ وَلَدَيْنَا كِتَابٌ يَنْطِقُ بِالْحَقِّ ۚ وَهُمْ لَا يُظْلَمُونَ62
আৰু আমি কাকো তাৰ সাধ্যাতীত দায়িত্বৰ বোজা অৰ্পন নকৰো আৰু আমাৰ ওচৰত আছে এনে এখন কিতাপ যিটো সত্য ব্যক্ত কৰে আৰু সিহঁতৰ প্ৰতি অকণো অন্যায় কৰা নহ’ব।
بَلْ قُلُوبُهُمْ فِي غَمْرَةٍ مِنْ هَٰذَا وَلَهُمْ أَعْمَالٌ مِنْ دُونِ ذَٰلِكَ هُمْ لَهَا عَامِلُونَ63
বৰং এই বিষয়ে সিহঁতৰ অন্তৰ অজ্ঞানতাত আচ্ছন্ন, ইয়াৰ বাহিৰেও সিহঁতৰ আৰু কৰ্ম আছে যিবোৰ সিহঁতে কৰি আছে।
حَتَّىٰ إِذَا أَخَذْنَا مُتْرَفِيهِمْ بِالْعَذَابِ إِذَا هُمْ يَجْأَرُونَ64
অৱশেষত যেতিয়া আমি সিহঁতৰ বিলাসী ব্যক্তিসকলক শাস্তি দিওঁ তেতিয়া সিহঁতে আৰ্তনাদ কৰি উঠে।
لَا تَجْأَرُوا الْيَوْمَ ۖ إِنَّكُمْ مِنَّا لَا تُنْصَرُونَ65
সিহঁতক কোৱা হ’ব, ‘আজি আৰ্তনাদ নকৰিবা, নিশ্চয় তোমালোকে আমাৰ ফালৰ পৰা কোনো সহায় নাপাবা’।
قَدْ كَانَتْ آيَاتِي تُتْلَىٰ عَلَيْكُمْ فَكُنْتُمْ عَلَىٰ أَعْقَابِكُمْ تَنْكِصُونَ66
অৱশ্যে মোৰ আয়াতসমূহ তোমালোকৰ ওচৰত তিলাৱত কৰা হৈছিল, কিন্তু তোমালোকে উলটি পিছফালেহে গুচি গৈছিলা--
مُسْتَكْبِرِينَ بِهِ سَامِرًا تَهْجُرُونَ67
দাম্ভিকতাৰে এই বিষয়ত অৰ্থহীন গল্প-গুজব কৰি তোমালোকে ৰাতি অতিবাহিত কৰিছিলা।
أَفَلَمْ يَدَّبَّرُوا الْقَوْلَ أَمْ جَاءَهُمْ مَا لَمْ يَأْتِ آبَاءَهُمُ الْأَوَّلِينَ68
কিয় সিহঁতে এই বাণী সম্পৰ্কে চিন্তা-গৱেষণা নকৰে? এই কাৰণে নেকি যে, সিহঁতৰ ওচৰত এনেকুৱা বস্তু আহিছে যিটো সিহঁতৰ পূৰ্বপুৰুষসকলৰ ওচৰত অহা নাছিল?
أَمْ لَمْ يَعْرِفُوا رَسُولَهُمْ فَهُمْ لَهُ مُنْكِرُونَ69
অথবা সিহঁতে নিজ ৰাছুলক চিনিব পৰা নাই বুলি অস্বীকাৰ কৰিছে নেকি?
أَمْ يَقُولُونَ بِهِ جِنَّةٌ ۚ بَلْ جَاءَهُمْ بِالْحَقِّ وَأَكْثَرُهُمْ لِلْحَقِّ كَارِهُونَ70
নাইবা সিহঁতে এইটো কয় নেকি যে, এওঁ উন্মাদনাগ্ৰস্ত? নহয়, বৰং তেওঁ সিহঁতৰ ওচৰত সত্য লৈ আহিছে, আৰু সিহঁতৰ অধিকাংশই সত্যক অপছন্দ কৰে।
وَلَوِ اتَّبَعَ الْحَقُّ أَهْوَاءَهُمْ لَفَسَدَتِ السَّمَاوَاتُ وَالْأَرْضُ وَمَنْ فِيهِنَّ ۚ بَلْ أَتَيْنَاهُمْ بِذِكْرِهِمْ فَهُمْ عَنْ ذِكْرِهِمْ مُعْرِضُونَ71
আৰু সত্য যদি সিহঁতৰ কামনা-বাসনাৰ অনুগামী হ’লেহেঁতেন তেন্তে আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মাজত থকা সকলো বস্তু বিশৃংখল হৈ পৰিলেহেঁতেন। বৰং আমি সিহঁতৰ ওচৰত লৈ আহিছো সিহঁতৰ সন্মান সম্বলিত যিকৰ (কোৰআন) কিন্তু সিহঁতে সিহঁতৰ এই উপদেশবাণীৰ (কোৰআনৰ) পৰা মুখ ঘূৰাই লয়।
أَمْ تَسْأَلُهُمْ خَرْجًا فَخَرَاجُ رَبِّكَ خَيْرٌ ۖ وَهُوَ خَيْرُ الرَّازِقِينَ72
অথবা তুমি সিহঁতৰ ওচৰত কোনো প্ৰতিদান বিচৰা নেকি? (জানি থোৱা) তোমাৰ প্ৰতিপালকৰ প্ৰতিদানেই শ্ৰেষ্ঠ আৰু তেৱেঁই শ্ৰেষ্ঠ জীৱিকাদাতা।
وَإِنَّكَ لَتَدْعُوهُمْ إِلَىٰ صِرَاطٍ مُسْتَقِيمٍ73
আৰু নিশ্চয় তুমি সিহঁতক সৰল পথৰ পিনেই আহ্বান কৰি আছা।
وَإِنَّ الَّذِينَ لَا يُؤْمِنُونَ بِالْآخِرَةِ عَنِ الصِّرَاطِ لَنَاكِبُونَ74
নিশ্চয় যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ নকৰে, সিহঁতেই সৰল পথৰ পৰা বিচ্যুত,
۞ وَلَوْ رَحِمْنَاهُمْ وَكَشَفْنَا مَا بِهِمْ مِنْ ضُرٍّ لَلَجُّوا فِي طُغْيَانِهِمْ يَعْمَهُونَ75
আৰু যদি আমি সিহঁতৰ প্ৰতি দয়া কৰো আৰু সিহঁতৰ দুখ-দৈন্য দূৰ কৰি দিওঁ তথাপিও সিহঁতে অবাধ্যতাত বিভ্ৰান্তৰ দৰে ঘূৰি থাকিব।
وَلَقَدْ أَخَذْنَاهُمْ بِالْعَذَابِ فَمَا اسْتَكَانُوا لِرَبِّهِمْ وَمَا يَتَضَرَّعُونَ76
অৱশ্যে আমি সিহঁতক শাস্তিৰ দ্বাৰা সতৰ্ক কৰিলো, তথাপিও সিহঁতে নিজ প্ৰতিপালকৰ প্ৰতি অৱনত নহ’ল আৰু বিনীত হৈ প্ৰাৰ্থনাও নকৰিলে।
حَتَّىٰ إِذَا فَتَحْنَا عَلَيْهِمْ بَابًا ذَا عَذَابٍ شَدِيدٍ إِذَا هُمْ فِيهِ مُبْلِسُونَ77
অৱশেষত যেতিয়া আমি সিহঁতৰ ওপৰত কোনো কঠিন শাস্তিৰ দুৱাৰ খুলি দিম তেতিয়াহে সিহঁতে হতাশ হৈ পৰিব।
وَهُوَ الَّذِي أَنْشَأَ لَكُمُ السَّمْعَ وَالْأَبْصَارَ وَالْأَفْئِدَةَ ۚ قَلِيلًا مَا تَشْكُرُونَ78
তেৱেঁই তোমালোকৰ বাবে শ্ৰৱণশক্তি, দৃষ্টিশক্তি আৰু অন্তৰসমূহ সৃষ্টি কৰিছে; কিন্তু তোমালোকে খুবেই কম কৃতজ্ঞতা প্ৰকাশ কৰা।
وَهُوَ الَّذِي ذَرَأَكُمْ فِي الْأَرْضِ وَإِلَيْهِ تُحْشَرُونَ79
তেৱেঁই তোমালোকক পৃথিৱীত বিস্তৃত কৰিছে আৰু তোমালোকক তেওঁৰ ওচৰতেই সমবেত কৰা হ’ব।
وَهُوَ الَّذِي يُحْيِي وَيُمِيتُ وَلَهُ اخْتِلَافُ اللَّيْلِ وَالنَّهَارِ ۚ أَفَلَا تَعْقِلُونَ80
তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু প্ৰদান কৰে, তেওঁৰ অধিকাৰতেই ৰাতি আৰু দিনৰ পৰিবৰ্তন হয়। তথাপিও তোমালোকে বুজি নোপোৱা নে?
بَلْ قَالُوا مِثْلَ مَا قَالَ الْأَوَّلُونَ81
বৰং সিহঁতেও সেই কথাকেই কয় যি কথা সিহঁতৰ পূৰ্বৱৰ্তীসকলে কৈছিল।
قَالُوا أَإِذَا مِتْنَا وَكُنَّا تُرَابًا وَعِظَامًا أَإِنَّا لَمَبْعُوثُونَ82
সিহঁতে কয়, ‘যেতিয়া আমি মৃত্যুবৰণ কৰিম আৰু আমি মাটি ও অস্থিত পৰিণত হম, তাৰ পিছতো আমি পুনৰুত্থিত হমনে?
لَقَدْ وُعِدْنَا نَحْنُ وَآبَاؤُنَا هَٰذَا مِنْ قَبْلُ إِنْ هَٰذَا إِلَّا أَسَاطِيرُ الْأَوَّلِينَ83
‘অৱশ্যে আমাক আৰু ইতিপূৰ্বে আমাৰ পূৰ্বপুৰুষসকলকো এনে ধৰণৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। এয়া পূৰ্বৱৰ্তী সকলৰ উপকথাৰ বাহিৰে আন একো নহয়’।
قُلْ لِمَنِ الْأَرْضُ وَمَنْ فِيهَا إِنْ كُنْتُمْ تَعْلَمُونَ84
কোৱা, ‘পৃথিৱী আৰু ইয়াত যি আছে সেই সকলো(ৰ অধিকাৰ) কাৰ? যদি তোমালোকে জানা (তেন্তে কোৱা)’।
سَيَقُولُونَ لِلَّهِ ۚ قُلْ أَفَلَا تَذَكَّرُونَ85
অৱশ্যে সিহঁতে ক’ব, ‘আল্লাহৰ’। কোৱা, ‘তথাপিও তোমালোকে শিক্ষা গ্ৰহণ নকৰিবা নে’?
قُلْ مَنْ رَبُّ السَّمَاوَاتِ السَّبْعِ وَرَبُّ الْعَرْشِ الْعَظِيمِ86
কোৱা, ‘সপ্ত আকাশ আৰু মহা আৰছৰ ৰব কোন’?
سَيَقُولُونَ لِلَّهِ ۚ قُلْ أَفَلَا تَتَّقُونَ87
অৱশ্যে সিহঁতে ক’ব, ‘আল্লাহ’। কোৱা, ‘তথাপিও তোমালোকে তাক্বৱা অৱলম্বন নকৰিবা নে’?
قُلْ مَنْ بِيَدِهِ مَلَكُوتُ كُلِّ شَيْءٍ وَهُوَ يُجِيرُ وَلَا يُجَارُ عَلَيْهِ إِنْ كُنْتُمْ تَعْلَمُونَ88
কোৱা, ‘কাৰ হাতত সকলো বস্তুৰ কৰ্তৃত্ব? যিজনে আশ্ৰয় দান কৰে অথচ তেওঁৰ বিপক্ষে কোনোৱেই কাকো আশ্ৰয় দিব নোৱাৰে, যদি তোমালোকে জানা (তেন্তে কোৱা)’।
سَيَقُولُونَ لِلَّهِ ۚ قُلْ فَأَنَّىٰ تُسْحَرُونَ89
অৱশ্যে সিহঁতে ক’ব ‘আল্লাহ’। কোৱা, ‘তেন্তে ক’ৰ পৰা তোমালোকে যাদুগ্ৰস্ত হৈছা’?
بَلْ أَتَيْنَاهُمْ بِالْحَقِّ وَإِنَّهُمْ لَكَاذِبُونَ90
বৰং আমি সিহঁতৰ ওচৰত সত্য লৈ আহিছো; নিশ্চয় সিহঁত মিছলীয়া।
مَا اتَّخَذَ اللَّهُ مِنْ وَلَدٍ وَمَا كَانَ مَعَهُ مِنْ إِلَٰهٍ ۚ إِذًا لَذَهَبَ كُلُّ إِلَٰهٍ بِمَا خَلَقَ وَلَعَلَا بَعْضُهُمْ عَلَىٰ بَعْضٍ ۚ سُبْحَانَ اللَّهِ عَمَّا يَصِفُونَ91
আল্লাহে কোনো সন্তান গ্ৰহণ কৰা নাই, আৰু তেওঁৰ লগত আন কোনো ইলাহও নাই; যদি থাকিলেহেঁতেন তেন্তে প্ৰত্যেক ইলাহে নিজ নিজ সৃষ্টিক লৈ পৃথক হৈ গ’লেহেঁতেন আৰু এজনে আনজনৰ ওপৰত প্ৰাধান্য বিস্তাৰ কৰিলেহেঁতেন। সিহঁতে আল্লাহৰ প্ৰতি যিবোৰ আৰোপ কৰে সেইবোৰৰ পৰা তেওঁ অতি পৱিত্ৰ অতি মহান!
عَالِمِ الْغَيْبِ وَالشَّهَادَةِ فَتَعَالَىٰ عَمَّا يُشْرِكُونَ92
গোপন আৰু প্ৰকাশ্য সকলো বিষয়ে তেওঁ জ্ঞাত, এতেকে সিহঁতে যি অংশী কৰে তাৰ পৰা তেওঁ বহু উৰ্দ্ধত।
قُلْ رَبِّ إِمَّا تُرِيَنِّي مَا يُوعَدُونَ93
কোৱা, ‘হে মোৰ ৰব! যি বিষয়ে সিহঁতক প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে, তুমি যদি সেয়া মোক (মোৰ জীৱন কালতে) দেখুৱাব বিচৰা---
رَبِّ فَلَا تَجْعَلْنِي فِي الْقَوْمِ الظَّالِمِينَ94
‘তেনেহ’লে, হে মোৰ ৰব! তুমি মোক যালিম সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত নকৰিবা’।
وَإِنَّا عَلَىٰ أَنْ نُرِيَكَ مَا نَعِدُهُمْ لَقَادِرُونَ95
আৰু আমি সিহঁতক যি বিষয়ে প্ৰতিশ্ৰুতি দান কৰিছো, অৱশ্যে সেয়া আমি তোমাক দেখুৱাবলৈ সক্ষম।
ادْفَعْ بِالَّتِي هِيَ أَحْسَنُ السَّيِّئَةَ ۚ نَحْنُ أَعْلَمُ بِمَا يَصِفُونَ96
সৎকৰ্মৰে অসৎকৰ্মক প্ৰতিহত কৰা; সিহঁতে (আমাৰ প্ৰতি) যি আৰোপ কৰে সেই সম্পৰ্কে আমি সবিশেষ অৱগত।
وَقُلْ رَبِّ أَعُوذُ بِكَ مِنْ هَمَزَاتِ الشَّيَاطِينِ97
আৰু কোৱা, ‘হে মোৰ ৰব! মই চয়তানৰ প্ৰৰোচনাৰ পৰা তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰো’।
وَأَعُوذُ بِكَ رَبِّ أَنْ يَحْضُرُونِ98
‘আৰু হে মোৰ ৰব! মোৰ ওচৰত সিহঁতৰ (চয়তানবোৰৰ) উপস্থিতৰ পৰা মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰো’।
حَتَّىٰ إِذَا جَاءَ أَحَدَهُمُ الْمَوْتُ قَالَ رَبِّ ارْجِعُونِ99
অৱশেষত যেতিয়া সিহঁতৰ কাৰোবাৰ ওচৰত মৃত্যু আহে, তেতিয়া সি কয়, হে মোৰ ৰব! মোক আকৌ উভতাই দিয়া,
لَعَلِّي أَعْمَلُ صَالِحًا فِيمَا تَرَكْتُ ۚ كَلَّا ۚ إِنَّهَا كَلِمَةٌ هُوَ قَائِلُهَا ۖ وَمِنْ وَرَائِهِمْ بَرْزَخٌ إِلَىٰ يَوْمِ يُبْعَثُونَ100
যাতে মই সৎকৰ্ম কৰিব পাৰো যিটো মই আগতে কৰা নাছিলো। নহয়, এইটো কেতিয়াও নহব। সি যি কৈছে নিশ্চয় সেয়া এটা বাক্য মাত্ৰ। পুনৰুত্থানৰ দিৱস লৈকে সিহঁতৰ সন্মুখত থাকিব বাৰযাখ।
فَإِذَا نُفِخَ فِي الصُّورِ فَلَا أَنْسَابَ بَيْنَهُمْ يَوْمَئِذٍ وَلَا يَتَسَاءَلُونَ101
এতেকে যিদিনা শিঙাত ফুঁ দিয়া হ’ব সেইদিনা পৰস্পৰৰ মাজত আত্মীয়তাৰ কোনো বন্ধন নাথাকিব আৰু কোনোৱেই কাৰো বিষয়ে সোধ-পোচ নকৰিব,
فَمَنْ ثَقُلَتْ مَوَازِينُهُ فَأُولَٰئِكَ هُمُ الْمُفْلِحُونَ102
এতেকে যিসকলৰ তুলাচনী গধূৰ হ’ব তেওঁলোকেই হ’ব সফলকাম,
وَمَنْ خَفَّتْ مَوَازِينُهُ فَأُولَٰئِكَ الَّذِينَ خَسِرُوا أَنْفُسَهُمْ فِي جَهَنَّمَ خَالِدُونَ103
আৰু যিসকলৰ তুলাচনী পাতল হ’ব, সিহঁতেই সেইসকল লোক যিসকলে নিজৰেই ক্ষতি কৰিছে; সিহঁত জাহান্নামত স্থায়ী হ’ব।
تَلْفَحُ وُجُوهَهُمُ النَّارُ وَهُمْ فِيهَا كَالِحُونَ104
জুয়ে সিহঁতৰ মুখমণ্ডল দগ্ধ কৰিব আৰু সিহঁত তাত থাকিব বীভৎস চেহেৰাত;
أَلَمْ تَكُنْ آيَاتِي تُتْلَىٰ عَلَيْكُمْ فَكُنْتُمْ بِهَا تُكَذِّبُونَ105
তোমালোকৰ ওচৰত মোৰ আয়াতসমূহ তিলাৱত কৰা হোৱা নাইনে? অথচ তোমালোকে সেয়া অস্বীকাৰ কৰিছিলা।
قَالُوا رَبَّنَا غَلَبَتْ عَلَيْنَا شِقْوَتُنَا وَكُنَّا قَوْمًا ضَالِّينَ106
সিহঁতে ক’ব, ‘হে আমাৰ ৰব! দুৰ্ভাগ্যই আমাক পৰাজয় কৰিছিল আৰু আমি আছিলো এটা পথভ্ৰষ্ট সম্প্ৰদায়;
رَبَّنَا أَخْرِجْنَا مِنْهَا فَإِنْ عُدْنَا فَإِنَّا ظَالِمُونَ107
‘হে আমাৰ ৰব! এই অগ্নিৰ পৰা আমাক মুক্ত কৰা; ইয়াৰ পিছতো যদি আমি পুনৰ কুফৰী কৰো তেন্তে নিশ্চয় আমি যালিম হম’।
قَالَ اخْسَئُوا فِيهَا وَلَا تُكَلِّمُونِ108
আল্লাহে ক’ব, ‘তোমালোকে নিকৃষ্ট অৱস্থাত ইয়াতেই থাকা আৰু মোৰ লগত কোনো কথা নকবা’।
إِنَّهُ كَانَ فَرِيقٌ مِنْ عِبَادِي يَقُولُونَ رَبَّنَا آمَنَّا فَاغْفِرْ لَنَا وَارْحَمْنَا وَأَنْتَ خَيْرُ الرَّاحِمِينَ109
মোৰ বান্দাসকলৰ মাজত এনেকুৱা এটা দল আছিল যিসকলে কৈছিল, ‘হে আমাৰ ৰব! আমি ঈমান আনিছো, এতেকে তুমি আমাক ক্ষমা কৰা আৰু আমাৰ প্ৰতি দয়া কৰা, আৰু তুমি সৰ্বশ্ৰেষ্ঠ দয়ালু’।
فَاتَّخَذْتُمُوهُمْ سِخْرِيًّا حَتَّىٰ أَنْسَوْكُمْ ذِكْرِي وَكُنْتُمْ مِنْهُمْ تَضْحَكُونَ110
‘কিন্তু তেওঁলোকক লৈ তোমালোকে ইমান ঠাট্টা-বিদ্ৰূপ কৰিছিলা যে, সেয়া তোমালোকক মোৰ স্মৰণ পাহৰাই দিছিল। তোমালোকে তেওঁলোকৰ বিষয়ে কেৱল উপহাসহে কৰিছিলা’।
إِنِّي جَزَيْتُهُمُ الْيَوْمَ بِمَا صَبَرُوا أَنَّهُمْ هُمُ الْفَائِزُونَ111
নিশ্চয় আমি তেওঁলোকৰ ধৈৰ্যৰ কাৰণে আজি আমি তেওঁলোকক পুৰষ্কৃত কৰিলো; নিশ্চয় তেওঁলোকেই সাফল্যমণ্ডিত।
قَالَ كَمْ لَبِثْتُمْ فِي الْأَرْضِ عَدَدَ سِنِينَ112
আল্লাহে ক’ব, ‘তোমালোকে পৃথিৱীত কিমান বছৰ অৱস্থান কৰিছিলা’?
قَالُوا لَبِثْنَا يَوْمًا أَوْ بَعْضَ يَوْمٍ فَاسْأَلِ الْعَادِّينَ113
সিহঁতে ক’ব, ‘আমি অৱস্থান কৰিছিলো এদিন অথবা দিনৰ কিছু অংশ; এতেকে তুমি গণনাকাৰী সকলক সুধি চোৱা’।
قَالَ إِنْ لَبِثْتُمْ إِلَّا قَلِيلًا ۖ لَوْ أَنَّكُمْ كُنْتُمْ تَعْلَمُونَ114
তেওঁ ক’ব, ‘তোমালোকে অতি কম সময়হে অৱস্থান কৰিছিলা; যদি তোমালোকে নিশ্চিতভাৱে জানিব পাৰিলাহেঁতেন!
أَفَحَسِبْتُمْ أَنَّمَا خَلَقْنَاكُمْ عَبَثًا وَأَنَّكُمْ إِلَيْنَا لَا تُرْجَعُونَ115
‘তোমালোকে ভাবিছিলা নেকি যে, আমি তোমালোকক অনৰ্থক সৃষ্টি কৰিছো আৰু তোমালোকক আমাৰ ওচৰলৈকে উভতাই আনা নহ’ব?
فَتَعَالَى اللَّهُ الْمَلِكُ الْحَقُّ ۖ لَا إِلَٰهَ إِلَّا هُوَ رَبُّ الْعَرْشِ الْكَرِيمِ116
এতেকে আল্লাহ মহিমাময়, প্ৰকৃত মালিক, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই; তেৱেঁই সন্মানিত আৰছৰ ৰব।
وَمَنْ يَدْعُ مَعَ اللَّهِ إِلَٰهًا آخَرَ لَا بُرْهَانَ لَهُ بِهِ فَإِنَّمَا حِسَابُهُ عِنْدَ رَبِّهِ ۚ إِنَّهُ لَا يُفْلِحُ الْكَافِرُونَ117
আৰু যিয়ে আল্লাহৰ লগতে আন কোনো উপাস্যক আহ্বান কৰে, যি বিষয়ে তাৰ ওচৰত কোনো প্ৰমাণ নাই, তাৰ হিচাপ-নিকাচ কেৱল তাৰ প্ৰতিপালকৰ ওচৰত, নিশ্চয় কাফিৰসকল সফল হ’ব নোৱাৰিব।
وَقُلْ رَبِّ اغْفِرْ وَارْحَمْ وَأَنْتَ خَيْرُ الرَّاحِمِينَ118
আৰু কোৱা, ‘হে মোৰ ৰব! ক্ষমা কৰা আৰু দয়া কৰা, আৰু তুমিয়েই সৰ্বশ্ৰেষ্ঠ দয়ালু’।