ছূৰা 23 · জুজ 18

Al-Mu'minun · 23:116

فَتَعَالَى اللَّهُ الْمَلِكُ الْحَقُّ ۖ لَا إِلَٰهَ إِلَّا هُوَ رَبُّ الْعَرْشِ الْكَرِيمِ

এতেকে আল্লাহ মহিমাময়, প্ৰকৃত মালিক, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই; তেৱেঁই সন্মানিত আৰছৰ ৰব।

তাফছীৰ

এতেকে আল্লাহ তাআলা হৈছে মহাপৱিত্ৰ, তেৱেঁই হৈছে স্বত্তাধিকাৰী। তেওঁ বান্দাসকলক যিদৰে ইচ্ছা সেইদৰেই প্ৰয়োগ কৰে। তেওঁ সত্য, তেওঁৰ প্ৰতিশ্ৰুতি সত্য, তেওঁৰ কথা সত্য। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ মহাসিংহাসনৰ প্ৰতিপালক, যিখনতকৈ ডাঙৰ কোনো মখলুক নাই। যিজন আটাইতকৈ ডাঙৰ মখলুকৰ ৰব্ব, দৰাচলতে তেৱেঁই সকলো মখলুকৰ ৰব্ব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক