ছূৰা 23 · জুজ 18
Al-Mu'minun · 23:71
وَلَوِ اتَّبَعَ الْحَقُّ أَهْوَاءَهُمْ لَفَسَدَتِ السَّمَاوَاتُ وَالْأَرْضُ وَمَنْ فِيهِنَّ ۚ بَلْ أَتَيْنَاهُمْ بِذِكْرِهِمْ فَهُمْ عَنْ ذِكْرِهِمْ مُعْرِضُونَ
আৰু সত্য যদি সিহঁতৰ কামনা-বাসনাৰ অনুগামী হ’লেহেঁতেন তেন্তে আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মাজত থকা সকলো বস্তু বিশৃংখল হৈ পৰিলেহেঁতেন। বৰং আমি সিহঁতৰ ওচৰত লৈ আহিছো সিহঁতৰ সন্মান সম্বলিত যিকৰ (কোৰআন) কিন্তু সিহঁতে সিহঁতৰ এই উপদেশবাণীৰ (কোৰআনৰ) পৰা মুখ ঘূৰাই লয়।
তাফছীৰ
যদি আল্লাহে সিহঁতৰ চাহিদা অনুপাতে সকলো বিষয়ৰ পৰিচালনা কৰে তেন্তে আকাশমণ্ডল আৰু পৃথিৱীৰ ব্যৱস্থাত বিপৰ্যয় সৃষ্টি হ'ব আৰু সিহঁতৰ ওচৰত থকা সকলো বিষয় ওলট-পালট হ'ব। কাৰণ সিহঁত সকলো বিষয়ৰ পৰিণাম আৰু সঠিক অথবা ভুল পৰিচালনা সম্পৰ্কে অৱগত নহয়। বৰং আমি সিহঁতৰ ওচৰলৈ কোৰআন লৈ আহিছোঁ, য'ত আছে সিহঁতৰ বাবে সন্মান আৰু মৰ্যাদা। কিন্তু তথাপিও সিহঁতে বিমুখ হৈ আছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক