ছূৰা 23 · জুজ 18
Al-Mu'minun · 23:21
وَإِنَّ لَكُمْ فِي الْأَنْعَامِ لَعِبْرَةً ۖ نُسْقِيكُمْ مِمَّا فِي بُطُونِهَا وَلَكُمْ فِيهَا مَنَافِعُ كَثِيرَةٌ وَمِنْهَا تَأْكُلُونَ
আৰু নিশ্চয় তোমালোকৰ বাবে ঘৰচীয়া জন্তুবোৰৰ মাজত আছে শিক্ষণীয় বিষয়, সেইবোৰৰ পেটত যি (গাখীৰ) আছে তাৰে পৰা আমি তোমালোকক পান কৰাওঁ আৰু তাত তোমালোকৰ বাবে আছে প্ৰচুৰ উপকাৰিতা, সেইবোৰ (জন্তু)ৰ পৰা তোমালোকে আহাৰো কৰা।
তাফছীৰ
হে মানৱজাতি! বাস্তৱতে তোমালোকৰ বাবে ঘৰচীয়া চতুষ্পদ জন্তুবোৰ (উট, গৰু আৰু ছাগলী)ৰ মাজত আছে ডাঙৰ শিক্ষা আৰু নিৰ্দেশনা, যাৰ দ্বাৰা তোমালোকে আল্লাহৰ ক্ষমতা আৰু তোমালোকৰ প্ৰতি তেওঁৰ দয়া তথা কৃপা অতি সহজে অনুভৱ কৰিব পাৰিবা। আমিয়েই তোমালোকক এইবোৰ চতুষ্পদ জন্তুৰ নিৰ্ভেজাল তথা সোৱাদ লগা গাখীৰ খোৱাওঁ। এইবোৰৰ দ্বাৰা তোমালোকে আৰু বহুতো প্ৰকাৰে উপকৃত হোৱা, যেনেঃ পৰিবহণ হিচাপে ব্যৱহাৰ কৰা, ঊন সংগ্ৰহ কৰা, গোবৰ আৰু নোমৰ দ্বাৰাও তোমালোকে উপকৃত হোৱা। তথা তোমালোকে এইবোৰৰ মাংসও ভক্ষণ কৰা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক