وَالنَّجْمِ إِذَا هَوَىٰ1
শপত নক্ষত্ৰৰ, যেতিয়া ই অস্তমিত হয়,
مَا ضَلَّ صَاحِبُكُمْ وَمَا غَوَىٰ2
তোমালোকৰ সঙ্গী বিভ্ৰান্ত হোৱা নাই, আৰু বিপথগামীও নহয়,
وَمَا يَنْطِقُ عَنِ الْهَوَىٰ3
আৰু তেওঁ মনে সজা কথা নকয়।
إِنْ هُوَ إِلَّا وَحْيٌ يُوحَىٰ4
এয়া কেৱল অহী, যিটো তেওঁৰ প্ৰতি অহীৰূপে প্ৰেৰণ কৰা হয়,
عَلَّمَهُ شَدِيدُ الْقُوَىٰ5
তেওঁক শিক্ষা দিছে প্ৰবল শক্তিধৰ,
ذُو مِرَّةٍ فَاسْتَوَىٰ6
সৌন্দৰ্যপূৰ্ণ সত্তা। তাৰ পিছত তেওঁ স্থিৰ হৈছিল,
وَهُوَ بِالْأُفُقِ الْأَعْلَىٰ7
আৰু তেওঁ আছিল ঊৰ্দ্ধদিগন্তত,
ثُمَّ دَنَا فَتَدَلَّىٰ8
তাৰ পিছত তেওঁ নিকটৱৰ্তী হ’ল, এতেকে নিকটৱৰ্তী আহিল,
فَكَانَ قَابَ قَوْسَيْنِ أَوْ أَدْنَىٰ9
ফলত তেওঁৰ মাজত দুখন ধেনুৰ দুৰত্ব ৰ’ল, অথবা তাতোকৈ কম।
فَأَوْحَىٰ إِلَىٰ عَبْدِهِ مَا أَوْحَىٰ10
তেতিয়া আল্লাহে তেওঁৰ বান্দাৰ প্ৰতি যি অহী কৰিবলগীয়া সেয়া অহী কৰিলে।
مَا كَذَبَ الْفُؤَادُ مَا رَأَىٰ11
যি তেওঁ দেখিছে, তেওঁৰ অন্তৰে সেই সম্পৰ্কে মিছা কোৱা নাই;
أَفَتُمَارُونَهُ عَلَىٰ مَا يَرَىٰ12
তেওঁ যি দেখিছে, সেই সম্পৰ্কে তোমালোকে তেওঁৰ লগত বিতৰ্ক কৰিবা নেকি?
وَلَقَدْ رَآهُ نَزْلَةً أُخْرَىٰ13
আৰু নিশ্চয় তেওঁ তেওঁক আৰু এবাৰ দেখিছিল।
عِنْدَ سِدْرَةِ الْمُنْتَهَىٰ14
ছিদৰাতুল মুনতাহাৰ ওচৰত,
عِنْدَهَا جَنَّةُ الْمَأْوَىٰ15
যাৰ ওচৰত জান্নাতুল মা’ওৱা অৱস্থিত।
إِذْ يَغْشَى السِّدْرَةَ مَا يَغْشَىٰ16
যেতিয়া ছিদৰাই যি আচ্ছাদিত কৰাৰ সেয়া আচ্ছাদিত কৰিছিল,
مَا زَاغَ الْبَصَرُ وَمَا طَغَىٰ17
তেওঁৰ দৃষ্টি বিভ্ৰম হোৱা নাই, আৰু সীমাও অতিক্ৰম কৰা নাই।
لَقَدْ رَأَىٰ مِنْ آيَاتِ رَبِّهِ الْكُبْرَىٰ18
নিশ্চয় তেওঁ নিজ প্ৰতিপালকৰ মহান নিদৰ্শনাৱলীৰ কিছুমান দেখিছিল;
أَفَرَأَيْتُمُ اللَّاتَ وَالْعُزَّىٰ19
এতেকে তোমালোকে লাত আৰু উজ্ঝা সম্পৰ্কে কি কোৱা?
وَمَنَاةَ الثَّالِثَةَ الْأُخْرَىٰ20
আৰু তৃতীয় আন এটা মানাত সম্পৰ্কে?
أَلَكُمُ الذَّكَرُ وَلَهُ الْأُنْثَىٰ21
এয়া কি কথা, তোমালোকৰ বাবে পুত্ৰ আৰু আৰু আল্লাহৰ বাবে কন্যা সন্তান?
تِلْكَ إِذًا قِسْمَةٌ ضِيزَىٰ22
তেনেহ’লে এয়া এটা অসঙ্গত বন্টন।
إِنْ هِيَ إِلَّا أَسْمَاءٌ سَمَّيْتُمُوهَا أَنْتُمْ وَآبَاؤُكُمْ مَا أَنْزَلَ اللَّهُ بِهَا مِنْ سُلْطَانٍ ۚ إِنْ يَتَّبِعُونَ إِلَّا الظَّنَّ وَمَا تَهْوَى الْأَنْفُسُ ۖ وَلَقَدْ جَاءَهُمْ مِنْ رَبِّهِمُ الْهُدَىٰ23
এইবোৰ কিছুমান নামৰ বাহিৰে আন একো নহয়, যিবোৰ নাম তোমালোকে আৰু তোমালোকৰ পিতৃপুৰুষসকলে ৰাখিছে, যাৰ সমৰ্থনত আল্লাহে কোনো দলীল-প্ৰমাণ অৱতীৰ্ণ কৰা নাই। সিহঁতে কেৱল অনুমান আৰু নিজৰ প্ৰবৃত্তিৰেই অনুসৰণ কৰে, অথচ সিহঁতৰ ওচৰত সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা হিদায়ত আহিছে।
أَمْ لِلْإِنْسَانِ مَا تَمَنَّىٰ24
মানুহে যি বিচাৰে সেইটোৱে সি পায় নে?
فَلِلَّهِ الْآخِرَةُ وَالْأُولَىٰ25
প্ৰকৃততে আখিৰাত আৰু দুনিয়া আল্লাহৰেই।
۞ وَكَمْ مِنْ مَلَكٍ فِي السَّمَاوَاتِ لَا تُغْنِي شَفَاعَتُهُمْ شَيْئًا إِلَّا مِنْ بَعْدِ أَنْ يَأْذَنَ اللَّهُ لِمَنْ يَشَاءُ وَيَرْضَىٰ26
আৰু আকাশসমূহত অসংখ্য ফিৰিস্তা আছে, সিহঁতৰ মধ্যস্থতা কোনো কামত নাহিব, কিন্তু আল্লাহে যাক ইচ্ছা কৰে আৰু যাৰ প্ৰতি তেওঁ সন্তুষ্ট হয় তাৰ বাবে অনুমতি দিয়াৰ পিছত।
إِنَّ الَّذِينَ لَا يُؤْمِنُونَ بِالْآخِرَةِ لَيُسَمُّونَ الْمَلَائِكَةَ تَسْمِيَةَ الْأُنْثَىٰ27
নিশ্চয় যিহঁতে আখিৰাতক বিশ্বাস নকৰে, সিহঁতেই ফিৰিস্তাসকলক নাৰীবাচক নামেৰে নামকৰণ কৰে;
وَمَا لَهُمْ بِهِ مِنْ عِلْمٍ ۖ إِنْ يَتَّبِعُونَ إِلَّا الظَّنَّ ۖ وَإِنَّ الظَّنَّ لَا يُغْنِي مِنَ الْحَقِّ شَيْئًا28
অথচ এই বিষয়ে সিহঁতৰ কোনো জ্ঞানেই নাই। সিহঁত কেৱল অনুমানৰ অনুসৰণ কৰে; আৰু নিশ্চয় অনুমান সত্যৰ মুকাবিলাত কোনো কামত নাহে।
فَأَعْرِضْ عَنْ مَنْ تَوَلَّىٰ عَنْ ذِكْرِنَا وَلَمْ يُرِدْ إِلَّا الْحَيَاةَ الدُّنْيَا29
এতেকে তুমি সেই ব্যক্তিক উপেক্ষা কৰা, যিয়ে আমাৰ স্মৰণৰ পৰা বিমুখ হয় আৰু অকল পৃথিৱীৰ জীৱনকেই কামনা কৰে।
ذَٰلِكَ مَبْلَغُهُمْ مِنَ الْعِلْمِ ۚ إِنَّ رَبَّكَ هُوَ أَعْلَمُ بِمَنْ ضَلَّ عَنْ سَبِيلِهِ وَهُوَ أَعْلَمُ بِمَنِ اهْتَدَىٰ30
এইটোৱে সিহঁতৰ জ্ঞানৰ শেষ সীমা। নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই আটাইতকৈ ভাল জানে কোন তেওঁৰ পথৰ পৰা বিচ্যুত হৈছে আৰু তেৱেঁই ভাল জানে কোন হিদায়তপ্ৰাপ্ত হৈছে।
وَلِلَّهِ مَا فِي السَّمَاوَاتِ وَمَا فِي الْأَرْضِ لِيَجْزِيَ الَّذِينَ أَسَاءُوا بِمَا عَمِلُوا وَيَجْزِيَ الَّذِينَ أَحْسَنُوا بِالْحُسْنَى31
আৰু আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সকলো আল্লাহৰেই। যাতে তেওঁ সিহঁতৰ কামৰ প্ৰতিফল দিব পাৰে যিহঁতে বেয়া কাম কৰে আৰু যাতে সেইসকল লোকক উত্তম পুৰষ্কাৰ দিব পাৰে যিসকলে সৎকৰ্ম কৰে,
الَّذِينَ يَجْتَنِبُونَ كَبَائِرَ الْإِثْمِ وَالْفَوَاحِشَ إِلَّا اللَّمَمَ ۚ إِنَّ رَبَّكَ وَاسِعُ الْمَغْفِرَةِ ۚ هُوَ أَعْلَمُ بِكُمْ إِذْ أَنْشَأَكُمْ مِنَ الْأَرْضِ وَإِذْ أَنْتُمْ أَجِنَّةٌ فِي بُطُونِ أُمَّهَاتِكُمْ ۖ فَلَا تُزَكُّوا أَنْفُسَكُمْ ۖ هُوَ أَعْلَمُ بِمَنِ اتَّقَىٰ32
যিসকলে সৰু-সুৰা দোষ-ত্ৰুটিৰ বাহিৰে ডাঙৰ ডাঙৰ পাপ আৰু অশ্লীল কাৰ্যকলাপৰ পৰা বিৰত থাকে। নিশ্চয় তোমাৰ প্ৰতিপালকৰ ক্ষমা অপৰিসীম; তেওঁ তোমালোকৰ বিষয়ে সম্যক অৱগত—(স্মৰণ কৰা) যেতিয়া তেওঁ তোমালোকক মাটিৰ পৰা সৃষ্টি কৰিছিল আৰু যেতিয়া তোমালোক মাতৃগৰ্ভত ভ্ৰুণৰূপে আছিলা। এতেকে তোমালোকে আত্মপ্ৰশংসা নকৰিবা, কোনে তাক্বৱা অৱলম্বন কৰিছে সেই বিষয়ে তেৱেঁই সম্যক অৱগত।
أَفَرَأَيْتَ الَّذِي تَوَلَّىٰ33
তুমি সেই ব্যক্তিক দেখিছানে, যিয়ে মুখ ঘূৰাই লৈছে?
وَأَعْطَىٰ قَلِيلًا وَأَكْدَىٰ34
আৰু কিঞ্চিত দান কৰিলে আৰু বন্ধ কৰি দিলে?
أَعِنْدَهُ عِلْمُ الْغَيْبِ فَهُوَ يَرَىٰ35
তাৰ ওচৰত কিবা গায়েবৰ জ্ঞান আছে নেকি, যিটো সি প্ৰত্যক্ষ কৰে?
أَمْ لَمْ يُنَبَّأْ بِمَا فِي صُحُفِ مُوسَىٰ36
নে মূছাৰ ছহীফাত যি আছে, সেই সম্পৰ্কে তাক অৱহীত কৰা হোৱা নাই?
وَإِبْرَاهِيمَ الَّذِي وَفَّىٰ37
আৰু ইব্ৰাহীমৰ ছহীফাত, যিজনে পূৰ্ণ কৰিছিল (তেওঁৰ অঙ্গীকাৰ)?
أَلَّا تَزِرُ وَازِرَةٌ وِزْرَ أُخْرَىٰ38
সেয়া হৈছে যে, কোনো বোজা বহনকাৰীয়ে আনৰ বোজা বহন নকৰিব,
وَأَنْ لَيْسَ لِلْإِنْسَانِ إِلَّا مَا سَعَىٰ39
আৰু এই যে, মানুহে সেইটোৱে পায়, যিটো সি চেষ্টা কৰে,
وَأَنَّ سَعْيَهُ سَوْفَ يُرَىٰ40
আৰু তাৰ প্ৰচেষ্টাৰ ফল অতিশীঘ্ৰেই দেখুৱা হ’ব---
ثُمَّ يُجْزَاهُ الْجَزَاءَ الْأَوْفَىٰ41
তাৰ পিছত তাক পূৰ্ণ প্ৰতিফল প্ৰদান কৰা হ’ব,
وَأَنَّ إِلَىٰ رَبِّكَ الْمُنْتَهَىٰ42
আৰু নিশ্চয় তোমাৰ প্ৰতিপালকৰ ওচৰতেই হৈছে শেষ গন্তব্য,
وَأَنَّهُ هُوَ أَضْحَكَ وَأَبْكَىٰ43
আৰু নিশ্চয় তেৱেঁই হহুৱায় আৰু তেৱেঁই কন্দুৱায়,
وَأَنَّهُ هُوَ أَمَاتَ وَأَحْيَا44
আৰু নিশ্চয় তেৱেঁই মৃত্যু প্ৰদান কৰে আৰু তেৱেঁই জীৱন দান দিয়ে,
وَأَنَّهُ خَلَقَ الزَّوْجَيْنِ الذَّكَرَ وَالْأُنْثَىٰ45
আৰু নিশ্চয় তেৱেঁই সৃষ্টি কৰিছে যোৰ-যোৰকৈ পুৰুষ আৰু নাৰী,
مِنْ نُطْفَةٍ إِذَا تُمْنَىٰ46
শুক্ৰবিন্দুৰ পৰা, যেতিয়া ই স্খলিত হয়,
وَأَنَّ عَلَيْهِ النَّشْأَةَ الْأُخْرَىٰ47
আৰু নিশ্চয় পুনৰুত্থান ঘটোৱাৰ দায়িত্বও তেওঁৰেই,
وَأَنَّهُ هُوَ أَغْنَىٰ وَأَقْنَىٰ48
আৰু নিশ্চয় তেৱেঁই অভাৱমুক্ত কৰে আৰু সম্পদ প্ৰদান কৰে,
وَأَنَّهُ هُوَ رَبُّ الشِّعْرَىٰ49
আৰু নিশ্চয় তেৱেঁই আশ্ব-শ্বি’ৰা নক্ষত্ৰৰ প্ৰতিপালক।
وَأَنَّهُ أَهْلَكَ عَادًا الْأُولَىٰ50
আৰু তেৱেঁই প্ৰাচীন ‘আদ জাতিক ধ্বংস কৰিছে,
وَثَمُودَ فَمَا أَبْقَىٰ51
আৰু ছামূদ জাতিকো (ধ্বংস কৰিছে)। সিহঁতৰ এজনকো অৱশিষ্ট ৰখা নাই।
وَقَوْمَ نُوحٍ مِنْ قَبْلُ ۖ إِنَّهُمْ كَانُوا هُمْ أَظْلَمَ وَأَطْغَىٰ52
আৰু ইয়াৰ পূৰ্বে নূহৰ সম্প্ৰদায়কো (তেৱেঁই ধ্বংস কৰিছে)। নিশ্চয় সিহঁত আছিল অতিশয় যালিম আৰু চৰম অবাধ্য।
وَالْمُؤْتَفِكَةَ أَهْوَىٰ53
আৰু তেৱেঁই ওলোটাই দিয়া আবাসভূমিক নিক্ষেপ কৰিছিল,
فَغَشَّاهَا مَا غَشَّىٰ54
তাৰ পিছত সেইটো আচ্ছন্ন কৰিছিল যি আচ্ছন্ন কৰিবলগীয়া আছিল।
فَبِأَيِّ آلَاءِ رَبِّكَ تَتَمَارَىٰ55
এতেকে তুমি তোমাৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ সম্পৰ্কে সন্দেহ পোষণ কৰিবা?
هَٰذَا نَذِيرٌ مِنَ النُّذُرِ الْأُولَىٰ56
অতীতত সতৰ্ককাৰীসকলৰ দৰেই এই নবীও এজন সতৰ্ককাৰী।
أَزِفَتِ الْآزِفَةُ57
কিয়ামত নিকটৱৰ্তী।
لَيْسَ لَهَا مِنْ دُونِ اللَّهِ كَاشِفَةٌ58
আল্লাহৰ বাহিৰে কোনেও ইয়াক প্ৰকাশ কৰিবলৈ সক্ষম নহয়।
أَفَمِنْ هَٰذَا الْحَدِيثِ تَعْجَبُونَ59
তোমালোকে এই কথাত বিস্ময় বোধ কৰিছা নেকি?
وَتَضْحَكُونَ وَلَا تَبْكُونَ60
আৰু হাঁহি-ঠাট্ৰা কৰিছা! কন্দা নাই?
وَأَنْتُمْ سَامِدُونَ61
আৰু তোমালোকে উদাসীন,
فَاسْجُدُوا لِلَّهِ وَاعْبُدُوا ۩62
এতেকে তোমালোকে আল্লাহক ছাজদা কৰা আৰু তেওঁৰ ইবাদত কৰা।