ছূৰা 53 · জুজ 27
An-Najm · 53:30
ذَٰلِكَ مَبْلَغُهُمْ مِنَ الْعِلْمِ ۚ إِنَّ رَبَّكَ هُوَ أَعْلَمُ بِمَنْ ضَلَّ عَنْ سَبِيلِهِ وَهُوَ أَعْلَمُ بِمَنِ اهْتَدَىٰ
এইটোৱে সিহঁতৰ জ্ঞানৰ শেষ সীমা। নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই আটাইতকৈ ভাল জানে কোন তেওঁৰ পথৰ পৰা বিচ্যুত হৈছে আৰু তেৱেঁই ভাল জানে কোন হিদায়তপ্ৰাপ্ত হৈছে।
তাফছীৰ
এই মুশ্বৰিকসকলে ফিৰিস্তাসকলক যিদৰে নাৰীবাচক নাম দি আছে, দৰাচলতে সিহঁতৰ জ্ঞানৰ সীমা সিমানেই, কাৰণ সিহঁত হৈছে মুৰ্খ। সিহঁত ইয়াক্বীনত উপনীত হ’ব পৰা নাই। হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকে সেই ব্যক্তিক ভালকৈয়ে জানে, যিয়ে সত্যৰ পথৰ পৰা আঁতৰি গৈছে, আনহাতে সেই ব্যক্তিকো ভালকৈ জানে, যিয়ে হিদায়তৰ পথত পৰিচালিত হৈছে। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক