ছূৰা 53 · জুজ 27

An-Najm · 53:31

وَلِلَّهِ مَا فِي السَّمَاوَاتِ وَمَا فِي الْأَرْضِ لِيَجْزِيَ الَّذِينَ أَسَاءُوا بِمَا عَمِلُوا وَيَجْزِيَ الَّذِينَ أَحْسَنُوا بِالْحُسْنَى

আৰু আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সকলো আল্লাহৰেই। যাতে তেওঁ সিহঁতৰ কামৰ প্ৰতিফল দিব পাৰে যিহঁতে বেয়া কাম কৰে আৰু যাতে সেইসকল লোকক উত্তম পুৰষ্কাৰ দিব পাৰে যিসকলে সৎকৰ্ম কৰে,

তাফছীৰ

আকাশমণ্ডলৰ সকলো বস্তু আল্লাহৰেই আৰু পৃথিৱীৰো সকলো বস্তু আল্লাহৰেই। তেৱেঁই এইবোৰৰ মালিক, তেৱেঁই সৃষ্টিকৰ্তা আৰু তেৱেঁই পৰিচালক। যাতে আল্লাহে সেইসকল লোকক উচিত শাস্তি প্ৰদান কৰিব পাৰে, যিসকলে পৃথিৱীত বেয়া কৰ্ম কৰে। আনহাতে সৎকৰ্ম কৰা মুমিনসকলক যাতে জান্নাত প্ৰদান কৰিব পাৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক