ছূৰা 53 · জুজ 27

An-Najm · 53:23

إِنْ هِيَ إِلَّا أَسْمَاءٌ سَمَّيْتُمُوهَا أَنْتُمْ وَآبَاؤُكُمْ مَا أَنْزَلَ اللَّهُ بِهَا مِنْ سُلْطَانٍ ۚ إِنْ يَتَّبِعُونَ إِلَّا الظَّنَّ وَمَا تَهْوَى الْأَنْفُسُ ۖ وَلَقَدْ جَاءَهُمْ مِنْ رَبِّهِمُ الْهُدَىٰ

এইবোৰ কিছুমান নামৰ বাহিৰে আন একো নহয়, যিবোৰ নাম তোমালোকে আৰু তোমালোকৰ পিতৃপুৰুষসকলে ৰাখিছে, যাৰ সমৰ্থনত আল্লাহে কোনো দলীল-প্ৰমাণ অৱতীৰ্ণ কৰা নাই। সিহঁতে কেৱল অনুমান আৰু নিজৰ প্ৰবৃত্তিৰেই অনুসৰণ কৰে, অথচ সিহঁতৰ ওচৰত সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা হিদায়ত আহিছে।

তাফছীৰ

এই মূৰ্ত্তিবোৰ দৰাচলতে অৰ্থহীন নামৰ বাহিৰে আন একো নহয়। এইবোৰৰ মাজত উপাস্য হোৱাৰ কোনো যোগ্যতা নাই। এইবোৰ নাম তোমালোকে আৰু তোমালোকৰ পিতৃ-পুৰুষসকলে নিজৰ ফালৰ পৰা নামকৰণ কৰিছা, ইয়াৰ সপক্ষে আল্লাহে কোনো প্ৰমাণ অৱতীৰ্ণ কৰা নাই। মুশ্বৰিকসকলে আক্বীদাৰ ক্ষেত্ৰত কেৱল অনুমান আৰু নিজৰ মনৰ চাহিদাৰহে অনুসৰণ কৰে, যিটোক চয়তানে সিহঁতৰ অন্তৰত শোভনীয় কৰি দিয়ে। অথচ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মাধ্যমত সিহঁতৰ ওচৰলৈ আল্লাহৰ ফালৰ পৰা হিদায়ত আহি পৰিছে। তথাপিও সিহঁতে ইয়াক আঁকোৱালি লোৱা নাই।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক