ছূৰা 9 · জুজ 10
At-Tawbah · 9:85
وَلَا تُعْجِبْكَ أَمْوَالُهُمْ وَأَوْلَادُهُمْ ۚ إِنَّمَا يُرِيدُ اللَّهُ أَنْ يُعَذِّبَهُمْ بِهَا فِي الدُّنْيَا وَتَزْهَقَ أَنْفُسُهُمْ وَهُمْ كَافِرُونَ
আৰু সিহঁতৰ সম্পদ আৰু সন্তান-সন্ততিয়ে যাতে তোমাক বিমুগ্ধ নকৰে, আল্লাহে এইবোৰৰ দ্বাৰাই সিহঁতক পাৰ্থিৱ জীৱনত শাস্তি দিব বিচাৰে; আৰু সিহঁতৰ আত্মাই কাফিৰ অৱস্থাতেই দেহ ত্যাগ কৰিব।
তাফছীৰ
হে ৰাছুল! এই মুনাফিকসকলৰ ধন-সম্পত্তি আৰু সন্তান-সন্ততিয়ে যেন আপোনাক আকৰ্ষিত নকৰে। আল্লাহে ইয়াৰ জৰিয়তে সিহঁতক পাৰ্থিৱ জীৱনত শাস্তি বিহিব বিচাৰে, বিভিন্ন বিপদ-আপদ আৰু কঠিন সন্ধিক্ষণৰ দ্বাৰা। লগতে কুফুৰী অৱস্থাত সিহঁতৰ প্ৰাণ হৰণ কৰা হ'ব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক