ছূৰা 9 · জুজ 10

At-Tawbah · 9:86

وَإِذَا أُنْزِلَتْ سُورَةٌ أَنْ آمِنُوا بِاللَّهِ وَجَاهِدُوا مَعَ رَسُولِهِ اسْتَأْذَنَكَ أُولُو الطَّوْلِ مِنْهُمْ وَقَالُوا ذَرْنَا نَكُنْ مَعَ الْقَاعِدِينَ

আল্লাহৰ প্ৰতি ঈমান আনা আৰু ৰাছুলৰ সঙ্গী হৈ জিহাদ কৰা—এই বিষয়ে যেতিয়া কোনো ছুৰা অৱতীৰ্ণ হয় তেতিয়া সিহঁতৰ মাজত যিসকলৰ শক্তি-সামৰ্থ আছে সিহঁতে তোমাৰ ওচৰত আহি অব্যাহতি বিচাৰে আৰু কয়, ‘আমাক ৰেহাই দিয়ক, আমি বহি থকা ব্যক্তিসকলৰ লগতে থাকিম’।

তাফছীৰ

যেতিয়া আল্লাহে নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত কোনো ছুৰা অৱতীৰ্ণ কৰে, যত আল্লাহৰ প্ৰতি ঈমান পোষণ কৰাৰ কথা, লগতে আল্লাহৰ পথত জিহাদ কৰাৰ বিধান থাকে, তেতিয়া এই মুনাফিকসকলৰ মাজৰ ধনৱান লোকসকলে অংশগ্ৰহণ নকৰাৰ অনুমতি বিচাৰি কয় যে, আপুনি আমাক যুদ্ধত অংশগ্ৰহণ কৰিবলৈ অক্ষমলোক যেনেঃ দুৰ্বল আৰু অসুস্থ ব্যক্তিসকলৰ লগত এৰি থৈ যাওঁক।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক