ছূৰা 9 · জুজ 10

At-Tawbah · 9:84

وَلَا تُصَلِّ عَلَىٰ أَحَدٍ مِنْهُمْ مَاتَ أَبَدًا وَلَا تَقُمْ عَلَىٰ قَبْرِهِ ۖ إِنَّهُمْ كَفَرُوا بِاللَّهِ وَرَسُولِهِ وَمَاتُوا وَهُمْ فَاسِقُونَ

আৰু সিহঁতৰ মাজত কাৰোবাৰ মৃত্যু হ’লে তুমি কেতিয়াও তাৰ বাবে জানাযাৰ ছালাত নপঢ়িবা আৰু তাৰ কবৰৰ ওচৰতো থিয় নহ’বা; নিশ্চয় সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰিছিল আৰু ফাছিক্ব অৱস্থাত সিহঁতৰ মৃত্যু হৈছে।

তাফছীৰ

হে নবী! এই মুনাফিকসকলৰ কোনোবাই মৃত্যুবৰণ কৰিলে, আপুনি তাৰ জানাযাত অংশগ্ৰহণ নকৰিব আৰু তাৰ কবৰৰ ওচৰত ক্ষমা প্ৰাৰ্থনাৰ বাবেও থিয় নিদিব। কিয়নো সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ লগত কুফুৰী কৰিছে, লগতে আল্লাহৰ আনুগত্যৰ পৰা আঁতৰ হৈ মৃত্যুবৰণ কৰিছে। এতেকে যিয়ে এনেকুৱা অৱস্থাত মৃত্যুবৰণ কৰিব তাৰ জানাযা পঢ়া উচিত নহয় আৰু তাৰ বাবে দুআ কৰাও উচিত নহয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক