ছূৰা 9 · জুজ 10

At-Tawbah · 9:64

يَحْذَرُ الْمُنَافِقُونَ أَنْ تُنَزَّلَ عَلَيْهِمْ سُورَةٌ تُنَبِّئُهُمْ بِمَا فِي قُلُوبِهِمْ ۚ قُلِ اسْتَهْزِئُوا إِنَّ اللَّهَ مُخْرِجٌ مَا تَحْذَرُونَ

মুনাফিকসকলে ভয় কৰে যে, সিহঁতৰ বিষয়ে এনে কোনো ছুৰা অৱতীৰ্ণ হয়েই নেকি, যিটোৱে সিহঁতৰ অন্তৰৰ কথা প্ৰকাশ কৰি দিব! কোৱা, ‘তোমালোকে বিদ্ৰূপ কৰিয়ে থাকা; তোমালোকে যিটো ভয় কৰা নিশ্চয় আল্লাহে সেয়া প্ৰকাশ কৰিব’।

তাফছীৰ

মুনাফিকসকলে আশংকা কৰে যে, আল্লাহে তেওঁৰ ৰাছুলৰ ওপৰত এনেকুৱা কোনো ছুৰা অৱতীৰ্ণ কৰি দিয়ে নেকি য’ত সিহঁতৰ মনৰ গোপন কুফৰ সম্পৰ্কে মুমিনসকলক অৱগত কৰোৱা হ'ব। হে ৰাছুল! আপুনি কৈ দিয়ক, হে মুনাফিকসকল! তোমালোকে যিমান পাৰা উপলুঙা কৰি থাকা আৰু দ্বীনকলৈ উপহাস কৰা। নিশ্চয় আল্লাহে কোনো ছুৰা অৱতীৰ্ণ কৰি অথবা ৰাছুলক অৱগত কৰাই সেইবোৰ বিষয় স্পষ্ট কৰি দিব, যিবোৰ বিষয় প্ৰকাশ হোৱাক তোমালোকে ভয় কৰা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক