ছূৰা 9 · জুজ 10

At-Tawbah · 9:65

وَلَئِنْ سَأَلْتَهُمْ لَيَقُولُنَّ إِنَّمَا كُنَّا نَخُوضُ وَنَلْعَبُ ۚ قُلْ أَبِاللَّهِ وَآيَاتِهِ وَرَسُولِهِ كُنْتُمْ تَسْتَهْزِئُونَ

আৰু তুমি সিহঁতক সুধিলে অৱশ্যে সিহঁতে ক’ব, ‘আমি কেৱল আলাপ-আলোচনা আৰু হাঁহি-ধেমালিহে কৰিছিলো’। কোৱা, ‘তোমালোকে আল্লাহ আৰু তেওঁৰ আয়াতসমূহক লগতে তেওঁৰ ৰাছুলক বিদ্ৰূপ কৰিছিলা নেকি’?

তাফছীৰ

হে ৰাছুল! মুনাফিকসকলে আল্লাহ সম্পৰ্কে কৰা বেয়া মন্তব্য আৰু মুমিনসকলক গালি-শপনি দিয়া সম্পৰ্কে আল্লাহে আপোনাক অৱগত কৰোৱাৰ পিছত যদি আপুনি সিহঁতক এইবোৰৰ বিষয়ে সোধে তেন্তে সিহঁতে ক'বঃ আমি এনেই কৈছিলো আৰু হাঁহি ঠাট্টাহে কৰিছিলো। হে ৰাছুল! আপুনি তেতিয়া সিহঁতক কওঁক যে, উপহাস কৰিবলৈ তোমালোকে আল্লাহ আৰু তেওঁৰ আয়াত আৰু তেওঁৰ ৰাছুলকেই পালা নেকি?

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক