ছূৰা 9 · জুজ 10

At-Tawbah · 9:6

وَإِنْ أَحَدٌ مِنَ الْمُشْرِكِينَ اسْتَجَارَكَ فَأَجِرْهُ حَتَّىٰ يَسْمَعَ كَلَامَ اللَّهِ ثُمَّ أَبْلِغْهُ مَأْمَنَهُ ۚ ذَٰلِكَ بِأَنَّهُمْ قَوْمٌ لَا يَعْلَمُونَ

আৰু মুশ্বৰিকসকলৰ কোনোবাই যদি তোমাৰ ওচৰত আশ্ৰয় বিচাৰে তেন্তে তুমি তাক আশ্ৰয় দিবা, যাতে সি আল্লাহৰ বাণী শুনিব পাৰে, তাৰ পিছত তাক নিৰাপদ স্থানলৈ পৌঁচাই দিবা; কাৰণ সিহঁত এনে এটা সম্প্ৰদায় যিহঁতে একোৱে নাজানে।

তাফছীৰ

হে ৰাছুল! যদি কোনো এনেকুৱা মুশ্বৰিক যাৰ জান মাল হালাল কৰা হৈছে আপোনাৰ ওচৰত আহি আশ্ৰয় বিচাৰে, তেন্তে আপুনি তাক আশ্ৰয় দিয়ক, যাতে সি কোৰআন শুনিব পাৰে। তাৰ পিছত তাক এনেকুৱা স্থানত পৌঁচাই দিয়ক য’ত সি নিৰাপদে থাকিব পাৰিব। এইটো এই কাৰণে যে, কাফিৰসকল এনেকুৱা সম্প্ৰদায় যিসকলে ইছলামৰ প্ৰকৃত তথ্য সম্পৰ্কে অৱগত নহয়। এতেকে যেতিয়া সি কোৰআন শুনি অৱগত হ’ব, তেতিয়া হয়তো হিদায়তৰ পথ অৱলম্বন কৰিব পাৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক