ছূৰা 9 · জুজ 10
At-Tawbah · 9:7
كَيْفَ يَكُونُ لِلْمُشْرِكِينَ عَهْدٌ عِنْدَ اللَّهِ وَعِنْدَ رَسُولِهِ إِلَّا الَّذِينَ عَاهَدْتُمْ عِنْدَ الْمَسْجِدِ الْحَرَامِ ۖ فَمَا اسْتَقَامُوا لَكُمْ فَاسْتَقِيمُوا لَهُمْ ۚ إِنَّ اللَّهَ يُحِبُّ الْمُتَّقِينَ
আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ওচৰত মুশ্বৰিকসকলৰ চুক্তি কেনেকৈ বলবৎ থাকিব? কিন্তু যিসকলৰ লগত মছজিদুল হাৰামৰ সন্নিকটত তোমালোকে পাৰস্পাৰিক চুক্তিত আবদ্ধ হৈছিলা, যেতিয়া লৈকে সিহঁতে তোমালোকৰ চুক্তিত স্থিৰ থাকিব তোমালোকেও সিহঁতৰ চুক্তিত স্থিৰ থাকিবা, নিশ্চয় আল্লাহে মুত্তাক্বীসকলক পছন্দ কৰে।
তাফছীৰ
আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ওচৰত মুশ্বৰিকসকলৰ কোনো সন্ধি তথা আশ্ৰয় প্ৰতিশ্ৰুতি এতিয়া বাহাল থকা উচিত নহয়, কেৱল সেইসকল মুশ্বৰিকৰ বাহিৰে, যিসকলৰ লগত হে মুছলিমসকল তোমালোকে সন্মানিত কাবা ঘৰৰ ওচৰত হুদাইবিয়্যাৰ সন্ধি কৰিছিলা। এতেকে যেতিয়ালৈকে তোমালোকৰ মাজত থকা এই সন্ধিৰ ওপৰত অবিচল থাকিব আৰু ভঙ্গ নকৰিব, তেতিয়ালৈকে তোমালোকেও সেই প্ৰতিশ্ৰুতি মতে কাম কৰিবা আৰু বচন ভঙ্গ নকৰিবা। নিশ্চয় আল্লাহে সেইসকল মুত্তাক্বীক ভাল পায়, যিসকলে আল্লাহৰ আদেশ পালন কৰি তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক