ছূৰা 9 · জুজ 10
At-Tawbah · 9:5
فَإِذَا انْسَلَخَ الْأَشْهُرُ الْحُرُمُ فَاقْتُلُوا الْمُشْرِكِينَ حَيْثُ وَجَدْتُمُوهُمْ وَخُذُوهُمْ وَاحْصُرُوهُمْ وَاقْعُدُوا لَهُمْ كُلَّ مَرْصَدٍ ۚ فَإِنْ تَابُوا وَأَقَامُوا الصَّلَاةَ وَآتَوُا الزَّكَاةَ فَخَلُّوا سَبِيلَهُمْ ۚ إِنَّ اللَّهَ غَفُورٌ رَحِيمٌ
গতিকে যেতিয়া নিষিদ্ধ মাহসমূহ অতিবাহিত হৈ যাব তেতিয়া তোমালোকে মুশ্বৰিকসকলক য’তেই পাবা হত্যা কৰিবা, সিহঁতক গ্ৰেপ্তাৰ কৰিবা, অৱৰোধ কৰিবা আৰু ঘাঁটিয়ে ঘাঁটিয়ে সিহঁতৰ বাবে খাপ পাতি ৰৈ থাকিবা। কিন্তু যদি সিহঁতে তাওবা কৰে, ছালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে তেন্তে সিহঁতৰ পথ এৰি দিবা; নিশ্চয় আল্লাহ অতিশয় ক্ষমাশীল, পৰম দয়ালু।
তাফছীৰ
যিবোৰ মাহত তোমালোকৰ শত্ৰুসকল তোমালোকৰ ফালৰ পৰা সুৰক্ষিত থাকে, সেই সন্মানিত মাহবোৰ অতিবাহিত হোৱাৰ পিছত, মুশ্বৰিকসকলক য'তেই পাবা হত্যা কৰিবা, সিহঁতক বন্দী কৰিবা আৰু সিহঁতৰ দুৰ্গসমূহক ঘেৰাও কৰিবা, আৰু প্ৰত্যেক অহা যোৱা বাটত খাপ পাতি ৰৈ থাকিবা। ইয়াৰ পিছত যদি সিহঁতে শ্বিৰ্কৰ পৰা তাওবা কৰে আৰু ছালাত প্ৰতিষ্ঠা কৰে তথা যাকাত প্ৰদান কৰে তেন্তে সিহঁত তোমালোকৰ ইছলামী ভাই হৈ যাব। তেনেস্থলত সিহঁতৰ লগত যুদ্ধ নকৰিবা। নিশ্চয় আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰে আৰু তেওঁলোকৰ প্ৰতি দয়ালু।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক