ছূৰা 9 · জুজ 10
At-Tawbah · 9:4
إِلَّا الَّذِينَ عَاهَدْتُمْ مِنَ الْمُشْرِكِينَ ثُمَّ لَمْ يَنْقُصُوكُمْ شَيْئًا وَلَمْ يُظَاهِرُوا عَلَيْكُمْ أَحَدًا فَأَتِمُّوا إِلَيْهِمْ عَهْدَهُمْ إِلَىٰ مُدَّتِهِمْ ۚ إِنَّ اللَّهَ يُحِبُّ الْمُتَّقِينَ
কিন্তু মুশ্বৰিকসকলৰ মাজত যিসকলৰ লগত তোমালোকৰ চুক্তি আছে, এতেকে সিহঁতে তোমালোকৰ চুক্তি ৰক্ষাত কোনো ত্ৰুটিও কৰা নাই আৰু তোমালোকৰ বিৰুদ্ধে আনক সহায়ও কৰা নাই, তেন্তে তোমালোকে সিহঁতৰ লগত নিৰ্দিষ্ট ম্যাদ পৰ্যন্ত চুক্তি পূৰ্ণ কৰা; নিশ্চয় আল্লাহে মুত্তাক্বীসকলক পছন্দ কৰে।
তাফছীৰ
কিন্তু সেইসকল মুশ্বৰিকৰ বাহিৰে যিসকলৰ লগত তোমালোকে সন্ধি কৰিছিলা আৰু সিহঁতে সেই সন্ধি পূৰণ কৰিছিল, আৰু সন্ধিৰ কোনো দফা ভঙ্গও কৰা নাছিল। তেনেকুৱা মুশ্বৰিকসকল উক্ত আদেশৰ অন্তৰ্ভুক্ত নহয়। এনেকুৱা লোকৰ লগত কৰা সন্ধি নিৰ্ধাৰিত সময় লৈকে পালন কৰিবা। নিশ্চয় আল্লাহে সেইসকল লোকক ভাল পায়, যিসকলে তেওঁৰ আদেশ পালন কৰি- প্ৰতিশ্ৰুতি পূৰণ কৰাও ইয়াৰ অন্তৰ্ভুক্ত- আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি- বিশ্বাসঘাতকতাও ইয়াৰ অন্তৰ্ভুক্ত- তেওঁৰ তাক্বৱা অৱলম্বন কৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক