ছূৰা 9 · জুজ 10
At-Tawbah · 9:3
وَأَذَانٌ مِنَ اللَّهِ وَرَسُولِهِ إِلَى النَّاسِ يَوْمَ الْحَجِّ الْأَكْبَرِ أَنَّ اللَّهَ بَرِيءٌ مِنَ الْمُشْرِكِينَ ۙ وَرَسُولُهُ ۚ فَإِنْ تُبْتُمْ فَهُوَ خَيْرٌ لَكُمْ ۖ وَإِنْ تَوَلَّيْتُمْ فَاعْلَمُوا أَنَّكُمْ غَيْرُ مُعْجِزِي اللَّهِ ۗ وَبَشِّرِ الَّذِينَ كَفَرُوا بِعَذَابٍ أَلِيمٍ
আৰু মহান হজ্জৰ দিনা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ তৰফৰ পৰা মানুহৰ প্ৰতি এইটো এটা ঘোষণা যে, নিশ্চয় আল্লাহ মুশ্বৰিকসকলৰ বিষয়ে দায়মুক্ত আৰু তেওঁৰ ৰাছুলো। এতেকে তোমালোকে যদি তাওবা কৰা তেন্তে সেয়া তোমালোকৰ বাবে কল্যাণকৰ আৰু যদি মুখ ঘূৰাই লোৱা তেন্তে জানি থোৱা যে, তোমালোকে (কদাপিও) আল্লাহক অক্ষম কৰিব নোৱাৰিবা। আৰু (হে নবী!) কাফিৰসকলক যন্ত্ৰণাদায়ক শাস্তিৰ সুসংবাদ দিয়া।
তাফছীৰ
আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ফালৰ পৰা কুৰবানীৰ দিনা সকলো লোকৰ বাবে সাৰ্বজনিক ঘোষণা এই যে, আল্লাহ আৰু তেওঁৰ ৰাছুলৰ লগত মুশ্বৰিকসকলৰ কোনো সম্পৰ্ক নাই। এতেকে হে মুশ্বৰিকসকল! এতিয়া যদি তোমালোকে শ্বিৰ্কৰ পৰা তাওবা কৰা তেন্তে সেয়া তোমালোকৰ বাবে উত্তম। আনহাতে যদি তোমালোকে মুখ ঘূৰাই লোৱা তেন্তে জানি থোৱা, আল্লাহৰ পৰা প্ৰাণ ৰক্ষা কৰি পলায়ন কৰিব নোৱাৰিবা, আৰু তেওঁৰ শাস্তিৰ পৰা ৰক্ষা নাপাবা। আৰু হে ৰাছুল! আপুনি কাফিৰসকলক কষ্টদায়ক শাস্তিৰ সংবাদ দিয়ক, যি শাস্তি সিহঁতৰ অপেক্ষাত আছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক