ছূৰা 9 · জুজ 10
At-Tawbah · 9:46
۞ وَلَوْ أَرَادُوا الْخُرُوجَ لَأَعَدُّوا لَهُ عُدَّةً وَلَٰكِنْ كَرِهَ اللَّهُ انْبِعَاثَهُمْ فَثَبَّطَهُمْ وَقِيلَ اقْعُدُوا مَعَ الْقَاعِدِينَ
আৰু যদি সিহঁতে ওলাবলৈ ইচ্ছা কৰিলেহেঁতেন তেন্তে নিশ্চয় সিহঁতে তাৰ বাবে প্ৰস্তুতিৰ ব্যৱস্থা কৰিলেহেঁতেন, কিন্তু সিহঁতৰ অভিযাত্ৰাক আল্লাহে অপছন্দ কৰিলে। সেয়ে তেওঁ সিহঁতক অলসতাৰ মাধ্যমত বিৰত ৰাখিলে আৰু সিহঁতক কোৱা হ’ল, ‘বহি থকা লোকসকলৰ লগত তোমালোকেও বহি থকা’।
তাফছীৰ
সঁচাই যদি সিহঁত আপোনাৰ লগত আল্লাহৰ পথত জিহাদ কৰিবলৈ যোৱাৰ দাবীত সত্যবাদী হোৱাহেঁতেন তেন্তে তাৰ বাবে অৱশ্যে কিবা নহয় কিবা প্ৰস্তুতি ললেহেঁতেন। কিন্তু সিহঁত আপোনাৰ সৈতে যোৱাটো আল্লাহে পছন্দই কৰা নাছিল। সেই কাৰণেই সিহঁত ভাৰাক্ৰান্ত হৈ পৰিছিল আৰু ঘৰতে বহি থকাটোক সিহঁতে প্ৰাধান্য দিছিল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক