ছূৰা 9 · জুজ 10

At-Tawbah · 9:45

إِنَّمَا يَسْتَأْذِنُكَ الَّذِينَ لَا يُؤْمِنُونَ بِاللَّهِ وَالْيَوْمِ الْآخِرِ وَارْتَابَتْ قُلُوبُهُمْ فَهُمْ فِي رَيْبِهِمْ يَتَرَدَّدُونَ

তোমাৰ ওচৰত অব্যাহতি বিচাৰে কেৱল সেইসকল লোকে যিসকলে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ নকৰে। কাৰণ সিহঁতৰ অন্তৰসমূহ সংশয়গ্ৰস্ত হৈ গৈছে, এতেকে সিহঁতে নিজ সংশয়ত দ্বিধাগ্ৰস্ত।

তাফছীৰ

হে ৰাছুল! যিসকলে আপোনাৰ ওচৰত আল্লাহৰ পথত জিহাদ কৰাৰ পৰা পিছুৱাই থকাৰ অনুমতি বিচাৰে, সিহঁত হৈছে সেইসকল মুনাফিক যিসকলে আল্লাহৰ প্ৰতি তথা ক্বিয়ামত দিৱসৰ প্ৰতি ঈমান পোষণ নকৰে, লগতে সিহঁতৰ অন্তৰত আল্লাহৰ দ্বীন সম্পৰ্কে আছে সংশয়। এতেকে সিহঁত সন্দেহত পতিত হৈ আছে, সত্য বিচাৰি পোৱা নাই।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক