ছূৰা 9 · জুজ 10

At-Tawbah · 9:47

لَوْ خَرَجُوا فِيكُمْ مَا زَادُوكُمْ إِلَّا خَبَالًا وَلَأَوْضَعُوا خِلَالَكُمْ يَبْغُونَكُمُ الْفِتْنَةَ وَفِيكُمْ سَمَّاعُونَ لَهُمْ ۗ وَاللَّهُ عَلِيمٌ بِالظَّالِمِينَ

যদি সিহঁতে তোমালোকৰ লগত ওলালেহেঁতেন, তেন্তে তোমালোকৰ অশান্তি অসুবিধাহে বৃদ্ধি কৰিলেহেঁতেন আৰু তোমালোকৰ মাজত ফিতনা সৃষ্টি কৰিবলৈ যথাসাধ্য চেষ্টা কৰিলেহেঁতেন, আৰু তোমালোকৰ মাজতে সিহঁতৰ বাবে কথা শুনাৰ মানুহো আছে। আল্লাহ যালিমসকলৰ বিষয়ে সবিশেষ অৱগত।

তাফছীৰ

এই মুনাফিকসকল তোমালোকৰ সৈতে নোলোৱাটোৱে তোমালোকৰ বাবে উত্তম। যদি সিহঁত তোমালোকৰ সৈতে ওলোৱাহেঁতেন তেন্তে সিহঁতে তোমালোকৰ সাহস হেৰুৱাই সন্দেহ সৃষ্টি কৰিলেহেঁতেন লগতে তোমালোকৰ মাজত বিপৰ্যয়ৰ বাহিৰে আন একো বৃদ্ধি নকৰিলেহেঁতেন। আৰু তোমালোকক বহুধাবিভক্ত কৰিবলৈ তোমালোকৰ মাজত বিদ্বেষ সৃষ্টি কৰিলেহেঁতেন। হে মুমিনসকল! তোমালোকৰ মাজত এনেকুৱা ব্যক্তিও আছে যিসকলে সিহঁতৰ মিছা কথা মনোযোগ সহকাৰে শুনে আৰু গ্ৰহণো কৰে, লগতে প্ৰচাৰো কৰে, যাতে তোমালোকৰ মাজত মতভেদ সৃষ্টি হয়। আল্লাহে সেই অন্যায়কাৰী মুনাফিকসকলক ভালদৰেই জানে যিসকলে মুমিনসকলৰ মাজত সন্দেহ সংশয় বিস্তাৰ কৰিব বিচাৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক