ছূৰা 76 · জুজ 29
Al-Insan · 76:9
إِنَّمَا نُطْعِمُكُمْ لِوَجْهِ اللَّهِ لَا نُرِيدُ مِنْكُمْ جَزَاءً وَلَا شُكُورًا
সিহঁতে কয়, ‘আমি কেৱল আল্লাহৰ সন্তুষ্টিৰ উদ্দেশ্যে তোমালোকক খাদ্য দান কৰো, আমি তোমালোকৰ ওচৰত প্ৰতিদান নিবিচাৰো আৰু কৃতজ্ঞতাও নিবিচাৰো।
তাফছীৰ
আৰু অন্তৰত এই বিশ্বাস পোষণ কৰে যে, তেওঁলোকে সিহঁতক আল্লাহৰ সন্তুষ্টিৰ কাৰণে খোৱাই আছে। এতেকে তেওঁলোকে সিহঁতৰ পৰা কোনো পৰিণাম বা প্ৰশংসাৰ আশা নকৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক