ছূৰা 76 · জুজ 29
Al-Insan · 76:21
عَالِيَهُمْ ثِيَابُ سُنْدُسٍ خُضْرٌ وَإِسْتَبْرَقٌ ۖ وَحُلُّوا أَسَاوِرَ مِنْ فِضَّةٍ وَسَقَاهُمْ رَبُّهُمْ شَرَابًا طَهُورًا
সিহঁতৰ আৱৰণ হ’ব সূক্ষ্ম সেউজীয়া ৰেচম আৰু মোটা ৰেচমী পোছাক আৰু সিহঁত অলংকৃত হ’ব ৰূপেৰে নিৰ্মিত গামখাৰুৰে, আৰু সিহঁতৰ প্ৰতিপালকে সিহঁতক পৱিত্ৰ পানীয় পান কৰাব।
তাফছীৰ
তেওঁলোকৰ শৰীৰত সেউজীয়া ৰঙৰ ৰেচমী বস্ত্ৰ থাকিব। যিটো সূক্ষ্ম আৰু মোটা ৰেচমেৰে বনোৱা হব। আৰু তাত তেওঁলোকক ৰূপৰ গামখাৰু পিন্ধোৱা হব। আৰু সকলো অপ্ৰিয় বস্তুৰ পৰা পবিত্ৰ পানীয় পান কৰোৱা হ'ব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক