ছূৰা 76 · জুজ 29
Al-Insan · 76:12
وَجَزَاهُمْ بِمَا صَبَرُوا جَنَّةً وَحَرِيرًا
আৰু সিহঁতৰ ধৈৰ্যৰ পুৰষ্কাৰস্বৰূপে তেওঁ সিহঁতক প্ৰদান কৰিব উদ্যান আৰু ৰেচমী বস্ত্ৰ।
তাফছীৰ
আৰু আল্লাহ তাআলাই তেওঁলোকক সত্কৰ্মৰ প্ৰতি অটুট থকাৰ কাৰণে, লগতে আল্লাহৰ ফয়চালাৰ প্ৰতি ধৈৰ্য ধাৰণ কৰাৰ কাৰণে আৰু পাপসমূহৰ পৰা দূৰৈত থকাৰ কাৰণে প্ৰতিদানস্বৰূপে এনেকুৱা জান্নাত প্ৰদান কৰিব। যাৰ নিয়ামতবোৰৰ পৰা তেওঁলোকে আনন্দ উপভোগ কৰিব আৰু আৰু ৰেচম প্ৰদান কৰিব যিটো তেওঁলোকে পৰিধান কৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক