ছূৰা 67 · জুজ 29
Al-Mulk · 67:29
قُلْ هُوَ الرَّحْمَٰنُ آمَنَّا بِهِ وَعَلَيْهِ تَوَكَّلْنَا ۖ فَسَتَعْلَمُونَ مَنْ هُوَ فِي ضَلَالٍ مُبِينٍ
কোৱা, তেৱেঁই পৰম কৰুণাময়। আমি তেওঁৰ ওপৰতেই ঈমান আনিছো আৰু তেওঁৰ ওপৰতেই ভৰসা কৰিছো। গতিকে তোমালোকে অনতিপলমে জানিবলৈ পাবা কোনে স্পষ্ট বিভ্ৰান্তিত আছে।
তাফছীৰ
হে ৰাছুল, এই মুশ্বৰিক বিলাকক কৈ দিয়কঃ তেৱেঁই পৰম কৰুণাময় যিয়ে তোমালোকক কেৱল তেওঁৰ উপাসনাৰ ফালে আহ্বান কৰি আছে। আমি তেওঁৰ ওপৰতেই বিশ্বাস স্থাপন কৰিছো। আৰু কেৱল তেওঁৰ ওপৰতেই সকলো কামৰ নিৰ্ভৰ কৰো। সেয়েহে তোমালোকে নিশ্চিতৰূপে জানিবলৈ পাবা যে কোন স্পষ্ট পথভ্ৰষ্টতাত আছে আৰু কোন সঠিক পথত আছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক