ছূৰা 67 · জুজ 29
Al-Mulk · 67:28
قُلْ أَرَأَيْتُمْ إِنْ أَهْلَكَنِيَ اللَّهُ وَمَنْ مَعِيَ أَوْ رَحِمَنَا فَمَنْ يُجِيرُ الْكَافِرِينَ مِنْ عَذَابٍ أَلِيمٍ
কোৱা, কোৱাচোন তোমালোকে.. যদি আল্লাহে মোক আৰু মোৰ সঙ্গীসকলক ধ্বংস কৰি দিয়ে অথবা আমাৰ প্ৰতি দয়া প্ৰদৰ্শন কৰে, তেন্তে কাফিৰসকলক যন্ত্ৰণাদায়ক শাস্তিৰ পৰা কোনে ৰক্ষা কৰিব?
তাফছীৰ
হে ৰাছুল, আপুনি এই মুশ্বৰিকবিলাকৰ ভ্ৰান্ত ধাৰণা খণ্ডন কৰি কৈ দিয়কঃ তোমালোকে মোক কোৱাচোন, যদি আল্লাহে মোক মৃত্যু প্ৰদান কৰে আৰু মোৰ মুমিন সঙ্গীসকলকো মৃত্যু প্ৰদান কৰা হয় অথবা আমাৰ প্ৰতি যদি ক্ষমাৰ দৃষ্টিৰে চোৱা হয় আৰু আমাৰ মৃত্যুক যদি পিছুৱাই দিয়ে তেন্তে কাফিৰ বিলাকক কষ্ঠদায়ক শাস্তিৰ পৰা কোনে ৰক্ষা কৰিব? নিঃসন্দেহে সিহঁতক কোনেও বচাব নোৱাৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক