ছূৰা 67 · জুজ 29
Al-Mulk · 67:27
فَلَمَّا رَأَوْهُ زُلْفَةً سِيئَتْ وُجُوهُ الَّذِينَ كَفَرُوا وَقِيلَ هَٰذَا الَّذِي كُنْتُمْ بِهِ تَدَّعُونَ
তাৰ পিছত যেতিয়া সিহঁতে ইয়াক নিচেই ওচৰত দেখা পাব তেতিয়া কাফিৰসকলৰ চেহাৰা ম্লান হৈ পৰিব আৰু কোৱা হ’ব, ‘এইটোৱেই হৈছে সেইটো, যিটো তোমালোকে দাবী কৰিছিলা’।
তাফছীৰ
যেতিয়া ক্বিয়ামতৰ দিনা সিহঁতৰ ওচৰত সেই প্ৰতিশ্ৰুতি আহি যাব যাৰ বিষয়ে সিহঁতক কথা দিয়া হৈছিল আৰু সিহঁতে তাক নিজৰ চকুৰ আগত দেখিবলৈ পাব তেতিয়া কাফিৰ বিলাকৰ মুখ মণ্ডল ম্লান হৈ পৰিব আৰু সিহঁতক কোৱা হ’বঃ এয়া সেইটোৱে যিটো তোমালোকে পৃথিৱীত বিচাৰি আছিলা আৰু খৰখেদা কৰিছিলা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক