ছূৰা 67 · জুজ 29
Al-Mulk · 67:26
قُلْ إِنَّمَا الْعِلْمُ عِنْدَ اللَّهِ وَإِنَّمَا أَنَا نَذِيرٌ مُبِينٌ
কোৱা, এই বিষয়ৰ জ্ঞান কেৱল আল্লাহৰ ওচৰতেই আছে। আৰু মইতো কেৱল স্পষ্ট সতৰ্ককাৰী মাত্ৰ।
তাফছীৰ
হে ৰাছুল আপুনি কৈ দিয়কঃ ক্বিয়ামতৰ জ্ঞান কেৱল আল্লাহৰ ওচৰতেই আছে। ক্বিয়ামত কেতিয়া প্ৰতিষ্ঠিত হ’ব তেওঁৰ বাহিৰে আন কোনেও নাজানে। আৰু মইতো কেৱল স্পষ্ট সতৰ্ককাৰী মাত্ৰ।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক