ছূৰা 65 · জুজ 28
At-Talaq · 65:8
وَكَأَيِّنْ مِنْ قَرْيَةٍ عَتَتْ عَنْ أَمْرِ رَبِّهَا وَرُسُلِهِ فَحَاسَبْنَاهَا حِسَابًا شَدِيدًا وَعَذَّبْنَاهَا عَذَابًا نُكْرًا
আৰু বহুতো জনপদে সিহঁতৰ প্ৰতিপালক আৰু তেওঁৰ ৰাছুলৰ নিৰ্দেশৰ বিৰুদ্ধাচাৰণ কৰিছিল। ফলত আমি সিহঁতৰ পৰা কঠিন হিচাপ লৈছিলো আৰু আমি সিহঁতক কঠিন শাস্তি বিহিছিলো।
তাফছীৰ
অতীতৰ এনেকুৱা বহুতো জনপদবাসীয়ে নিজ প্ৰতিপালকৰ আদেশ অমান্য কৰিছিল আৰু তেওঁৰ ৰাছুলসকলৰ অবাধ্যতা কৰিছিল, তেতিয়া আমি সিহঁতৰ বেয়া কৰ্মৰ কঠিন হিচাপ লৈছিলো, লগতে পৃথিৱী আৰু আখিৰাতত সিহঁতক কঠোৰ শাস্তি বিহিছো।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক