ছূৰা 65 · জুজ 28

At-Talaq · 65:7

لِيُنْفِقْ ذُو سَعَةٍ مِنْ سَعَتِهِ ۖ وَمَنْ قُدِرَ عَلَيْهِ رِزْقُهُ فَلْيُنْفِقْ مِمَّا آتَاهُ اللَّهُ ۚ لَا يُكَلِّفُ اللَّهُ نَفْسًا إِلَّا مَا آتَاهَا ۚ سَيَجْعَلُ اللَّهُ بَعْدَ عُسْرٍ يُسْرًا

বিত্তবানে নিজ সামৰ্থ অনুযায়ী ব্যয় কৰিব আৰু যাৰ জীৱনোপকৰণ সীমিত তাক আল্লাহে যি দান কৰিছে তাৰ পৰা ব্যয় কৰিব। আল্লাহে যাক যি সামৰ্থ দিছে তাতকৈ বেছি গুৰুতৰ বোজা তেওঁ তাৰ ওপৰত জাপি নিদিয়ে। নিশ্চয় আল্লাহে কঠিন অৱস্থাৰ পিছত সচ্চলতা প্ৰদান কৰিব।

তাফছীৰ

আল্লাহে যাক সম্পদৰ ক্ষেত্ৰত প্ৰশস্ততা প্ৰদান কৰিছে, সি নিজৰ সামৰ্থ অনুযায়ী তাৰ তালাক দিয়া স্ত্ৰী আৰু সন্তানৰ ওপৰত ব্যয় কৰা উচিত। আৰু যাক সম্পদৰ ক্ষেত্ৰত সংকীৰ্ণতা প্ৰদান কৰিছে সিও নিজৰ সামৰ্থ অনুযায়ী তাৰ পৰা ব্যয় কৰা উচিত। আল্লাহে কাকো তাৰ সাধ্যাতীত কোনো বোজা অৰ্পন নকৰে। সাধ্যতকৈ অধিক ভাৰ কেতিয়াও অৰ্পন নকৰে। যিটো সি নোৱাৰিব সেইটোও প্ৰদান নকৰে। অনতিপলমে আল্লাহে তাক সংকীৰ্ণতাৰ পিছত প্ৰশস্ততা আৰু প্ৰাচুৰ্যতা প্ৰদান কৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক