ছূৰা 65 · জুজ 28

At-Talaq · 65:6

أَسْكِنُوهُنَّ مِنْ حَيْثُ سَكَنْتُمْ مِنْ وُجْدِكُمْ وَلَا تُضَارُّوهُنَّ لِتُضَيِّقُوا عَلَيْهِنَّ ۚ وَإِنْ كُنَّ أُولَاتِ حَمْلٍ فَأَنْفِقُوا عَلَيْهِنَّ حَتَّىٰ يَضَعْنَ حَمْلَهُنَّ ۚ فَإِنْ أَرْضَعْنَ لَكُمْ فَآتُوهُنَّ أُجُورَهُنَّ ۖ وَأْتَمِرُوا بَيْنَكُمْ بِمَعْرُوفٍ ۖ وَإِنْ تَعَاسَرْتُمْ فَسَتُرْضِعُ لَهُ أُخْرَىٰ

তোমালোকৰ সামৰ্থ অনুযায়ী য’ত তোমালোকে বসবাস কৰা তাতেই সিহঁতকো বাস কৰিবলৈ দিয়া, সিহঁতক সঙ্কটত পেলাবলৈ কষ্ট নিদিবা; আৰু সিহঁত গৰ্ভৱতী থাকিলে সন্তান প্ৰসৱ নকৰালৈকে সিহঁতৰ বাবে ব্যয় কৰা। তাৰ পিছত যদি সিহঁতে তোমালোকৰ সন্তানসকলক পিয়াহ খুৱায় তেনেহ’লে সিহঁতক পাৰিশ্ৰমিক প্ৰদান কৰিবা আৰু (সন্তানৰ কল্যাণ সম্পৰ্কে) তোমালোকে নিজৰ মাজতেই সংগতভাৱে পৰামৰ্শ কৰা; আৰু যদি তোমালোকে পৰস্পৰে ঐক্যমত হ’বলৈ টান পোৱা তেনেহ’লে পিতাৰ পক্ষৰ পৰা আন তিৰোতাই পিয়াহ খুৱাব।

তাফছীৰ

হে স্বামীসকল! তোমালোকে সিহঁতক নিজৰ সক্ষম অনুযায়ী সেই ঠাইত অৱস্থান কৰোৱা, যত তোমালোকে অৱস্থান কৰা। আল্লাহে তোমালোকক ইয়াতকৈ অধিক বোজা অৰ্পন নকৰে। তথা সিহঁতক বিৰক্ত কৰিবলৈ থকা, খোৱাৰ অধিকাৰৰ ক্ষেত্ৰত কষ্ট নিদিবা। আৰু যদি তালাকপ্ৰাপ্তা স্ত্ৰী গৰ্ভ অৱস্থাত থাকে তেন্তে প্ৰসৱ নকৰালৈকে তাইৰ খৰচ বহন কৰিবা। প্ৰসৱৰ পাছত যদি তাই তোমাৰ সন্তানক পিয়াহ খুওৱায় তেন্তে তাইক পাৰিশ্ৰমিক দিবা। পাৰিশ্ৰমিকৰ ক্ষেত্ৰত উত্তম নীতি অৱলম্বন কৰিবা। কিন্তু যদি স্ত্ৰীয়ে দাবী কৰা পাৰিশ্ৰমিক প্ৰদানত স্বামীয়ে কৃপণালি কৰে, আনহাতে স্বামীয়ে প্ৰদান কৰা পাৰিশ্ৰমিকত যদি স্ত্ৰী মান্তি নহয় তেন্তে শিশুৰ পিতৃয়ে অইন কোনো পিয়াহ খুওৱোৱা নাৰীৰ জৰিয়তে শিশুক দুগ্ধ পান কৰাব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক