ছূৰা 65 · জুজ 28

At-Talaq · 65:11

رَسُولًا يَتْلُو عَلَيْكُمْ آيَاتِ اللَّهِ مُبَيِّنَاتٍ لِيُخْرِجَ الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ مِنَ الظُّلُمَاتِ إِلَى النُّورِ ۚ وَمَنْ يُؤْمِنْ بِاللَّهِ وَيَعْمَلْ صَالِحًا يُدْخِلْهُ جَنَّاتٍ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ خَالِدِينَ فِيهَا أَبَدًا ۖ قَدْ أَحْسَنَ اللَّهُ لَهُ رِزْقًا

এজন ৰাছুল, যিয়ে তোমালোকৰ ওচৰত আল্লাহৰ সুস্পষ্ট আয়াতসমূহ তিলাৱাত কৰে, যাতে সেইসকল লোকক অন্ধকাৰৰ পৰা পোহৰলৈ উলিয়াই আনিব পাৰে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে; আৰু যিয়ে আল্লাহৰ ওপৰত ঈমান আনিব আৰু সৎকাম কৰিব তেওঁ তাক জান্নাতত প্ৰৱেশ কৰাব, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত সিহঁত চিৰকাল অৱস্থান কৰিব। নিশ্চয় আল্লাহে তাক উত্তম জীৱিকা প্ৰদান কৰিব।

তাফছীৰ

এই উপদেশ দৰাচলতে তোমালোকৰ ওচৰত আল্লাহৰ ৰাছুলৰ ৰূপত আহিছে, যিয়ে তোমালোকৰ সন্মুখত আল্লাহৰ স্পষ্ট আয়াতসমূহ তিলাৱত কৰে, যিবোৰৰ মাজত কোনো সন্দেহ নাই। যাতে সেইসকল লোকক পথভ্ৰষ্টতাৰ অন্ধকাৰৰ পৰা হিদায়তৰ পোহৰলৈ আনিব পাৰে যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিছে আৰু তেওঁৰ ৰাছুলক সত্য বুলি স্বীকাৰ কৰিছে আৰু নেক আমল কৰিছে। এতেকে যিয়ে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিব আৰু নেক আমল কৰিব আল্লাহে তাক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব, যাৰ অট্টালিকা আৰু বৃক্ষসমূহৰ তলেদি নিজৰাসমূহ প্ৰবাহিত। তেওঁলোকে তাত চিৰকাল থাকিব। নিশ্চয় আল্লাহে তাৰ বাবে উত্তম জীৱিকা প্ৰস্তুত কৰি ৰাখিছে। সেই কাৰণেই তেওঁ এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব, যাৰ নিয়ামত কেতিয়াও সমাপ্ত নহয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক