ছূৰা 65 · জুজ 28
At-Talaq · 65:10
أَعَدَّ اللَّهُ لَهُمْ عَذَابًا شَدِيدًا ۖ فَاتَّقُوا اللَّهَ يَا أُولِي الْأَلْبَابِ الَّذِينَ آمَنُوا ۚ قَدْ أَنْزَلَ اللَّهُ إِلَيْكُمْ ذِكْرًا
আল্লাহে সিহঁতৰ বাবে কঠিন শাস্তি প্ৰস্তুত কৰি ৰাখিছে। এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, হে বোধসম্পন্ন ব্যক্তিসকল! যিসকলে ঈমান আনিছা। নিশ্চয় আল্লাহে তোমালোকৰ প্ৰতি অৱতীৰ্ণ কৰিছে এটা উপদেশ---
তাফছীৰ
আল্লাহে সিহঁতৰ বাবে বৰ কঠোৰ শাস্তি প্ৰস্তুত কৰি ৰাখিছে। এতেকে হে বিবেকবান লোকসকল, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰিছা! আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। যাতে তোমালোকে সেই শাস্তি সন্মুখীন হ'ব নালাগে যিটোৰ সন্মুখীন সিহঁত হৈছিল। আল্লাহে তোমালোকৰ প্ৰতি উপদেশ অৱতীৰ্ণ কৰিছে, যিটোৱে তোমালোকক তেওঁৰ অবাধ্যতাৰ বেয়া পৰিণামৰ পৰা সাৱধান কৰে আৰু তেওঁৰ আদেশ পালনত প্ৰেৰণা যোগায়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক