ছূৰা 65 · জুজ 28

At-Talaq · 65:12

اللَّهُ الَّذِي خَلَقَ سَبْعَ سَمَاوَاتٍ وَمِنَ الْأَرْضِ مِثْلَهُنَّ يَتَنَزَّلُ الْأَمْرُ بَيْنَهُنَّ لِتَعْلَمُوا أَنَّ اللَّهَ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ وَأَنَّ اللَّهَ قَدْ أَحَاطَ بِكُلِّ شَيْءٍ عِلْمًا

তেৱেঁই আল্লাহ, যিজনে সাতখন আকাশ সৃষ্টি কৰিছে আৰু অনুৰূপ পৃথিৱীও, এইবোৰৰ মাজত নামি আহে তেওঁৰ নিৰ্দেশ; যাতে তোমালোকে জানিব পাৰা যে, আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান আৰু আল্লাহৰ জ্ঞানে সকলো বস্তুকে পৰিবেষ্টন কৰি আছে।

তাফছীৰ

আল্লাহ তেৱেঁই, যিয়ে সাতখন আকাশ সৃষ্টি কৰিছে আৰু অনুৰূপ সাতখন পৃথিৱীও। তাত আল্লাহৰ সাংসাৰিক আৰু ধাৰ্মিক আদেশসমূহ অৱতীৰ্ণ হয়। যাতে তোমালোকে জানিব পাৰা যে, নিশ্চয় আল্লাহ সকলো বিষয়ত সামৰ্থৱান। তেওঁক কোনেও অপাৰগ কৰিব নোৱাৰে। আৰু তেওঁ সকলো বস্তুকে তেওঁৰ জ্ঞানৰ আওতাত ৰাখিছে। সেয়ে আকাশমণ্ডল আৰু পৃথিৱীৰ কোনো বিষয় তেওঁৰ পৰা গোপন নহয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক