ছূৰা 63 · জুজ 28
Al-Munafiqun · 63:9
يَا أَيُّهَا الَّذِينَ آمَنُوا لَا تُلْهِكُمْ أَمْوَالُكُمْ وَلَا أَوْلَادُكُمْ عَنْ ذِكْرِ اللَّهِ ۚ وَمَنْ يَفْعَلْ ذَٰلِكَ فَأُولَٰئِكَ هُمُ الْخَاسِرُونَ
হে ঈমান্দাৰসকল! তোমালোকৰ ধন-সম্পদ আৰু সন্তান-সন্ততি যাতে তোমালোকক আল্লাহৰ স্মৰণৰ পৰা উদাসীন নকৰে; আৰু যিহঁত এনেকুৱা উদাসীন হ’ব সিহঁতেই ক্ষতিগ্ৰস্ত।
তাফছীৰ
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়তৰ প্ৰতি আমলকাৰীসকল! তোমালোকক তোমালোকৰ সা-সম্পত্তি আৰু সন্তান-সন্ততিয়ে যাতে ছালাত তথা ইছলামৰ অন্যান্য ফৰজ কৰ্মবোৰৰ পৰা অমনোযোগী নকৰে। আৰু যাক তাৰ সা-সম্পত্তি আৰু সন্তান-সন্ততিয়ে ছালাত আদি আল্লাহে ফৰজ কৰা কৰ্মবোৰৰ পৰা অমনোযোগী কৰি দিয়ে, প্ৰকৃততে সিহঁতেই ক্ষতিগ্ৰস্ত। যিসকলে ক্বিয়ামতৰ দিনা নিজৰ তথা নিজ পৰিয়ালৰ ক্ষতি কৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক