ছূৰা 63 · জুজ 28

Al-Munafiqun · 63:8

يَقُولُونَ لَئِنْ رَجَعْنَا إِلَى الْمَدِينَةِ لَيُخْرِجَنَّ الْأَعَزُّ مِنْهَا الْأَذَلَّ ۚ وَلِلَّهِ الْعِزَّةُ وَلِرَسُولِهِ وَلِلْمُؤْمِنِينَ وَلَٰكِنَّ الْمُنَافِقِينَ لَا يَعْلَمُونَ

সিহঁতে কয়, ‘আমি মদীনাত উভতি গ’লে নিশ্চয় তাৰ পৰা শক্তিশালীসকলে দুৰ্বলসকলক বহিষ্কাৰ কৰিব’। অথচ শক্তি-সন্মান কেৱল আল্লাহৰ আৰু তেওঁৰ ৰাছুলৰ আৰু মুমিনসকলৰ। কিন্তু মুনাফিক্বসকলে সেয়া নাজানে।

তাফছীৰ

সিহঁতৰ নেতা আব্দুল্লাহ বিন উবাইয়ে কয়ঃ যদি আমি মদিনালৈ উভতি যাওঁ তেন্তে সন্মানিত লোকসকলে (অৰ্থাৎ মই আৰু মোৰ সঙ্গীসকলে) অপমানিত লোকসকলক (অৰ্থাৎ মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেখেতৰ সঙ্গীসকলক) বহিষ্কাৰ কৰিব। অথচ সন্মান হৈছে কেৱল আল্লাহ, তেওঁৰ ৰাছুল আৰু মুমিনসকলৰ বাবে, আব্দুল্লাহ বিন উবাই আৰু তাৰ সঙ্গীবিলাকৰ বাবে নহয়। কিন্তু মুনাফিকসকলে নাজানে যে, সন্মান কেৱল আল্লাহ, তেওঁৰ ৰাছুল আৰু মুমিনসকলৰ বাবে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক