ছূৰা 63 · জুজ 28

Al-Munafiqun · 63:7

هُمُ الَّذِينَ يَقُولُونَ لَا تُنْفِقُوا عَلَىٰ مَنْ عِنْدَ رَسُولِ اللَّهِ حَتَّىٰ يَنْفَضُّوا ۗ وَلِلَّهِ خَزَائِنُ السَّمَاوَاتِ وَالْأَرْضِ وَلَٰكِنَّ الْمُنَافِقِينَ لَا يَفْقَهُونَ

সিহঁতে কয়, ‘তোমালোকে আল্লাহৰ ৰাছুলৰ সহচৰসকলৰ বাবে ব্যয় নকৰিবা, যাতে সিহঁত আঁতৰি যায়’। অথচ আকাশমণ্ডল আৰু পৃথিৱীৰ ধন-ভাণ্ডাৰ আল্লাহৰেই, কিন্তু মুনাফিক্বসকলে নুবুজে।

তাফছীৰ

সিহঁতে কয়ঃ তোমালোকে নিজৰ ধন সেইসকল দুখীয়া আৰু মদীনাৰ ওচৰে-পাজৰে থকা দৰিদ্ৰ গাঁৱলীয়াৰ প্ৰতি খৰচ নকৰিবা, যিসকলে আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ মতে চলে, যাতে সিহঁত তেখেতৰ পৰা বিচ্ছিন্ন হৈ যায়। অথচ আকাশমণ্ডল আৰু পৃথিৱীৰ ধন ভাণ্ডাৰ কেৱল আল্লাহৰ অধীনত। তেওঁ যাক ইচ্ছা কৰে প্ৰচুৰ জীৱিকা প্ৰদান কৰে। কিন্তু মুনাফিকসকলে এই কথা গমকে নাপায় যে, জীৱিকাৰ ভাণ্ডাৰ কেৱল আল্লাহৰ অধীনত।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক