ছূৰা 63 · জুজ 28
Al-Munafiqun · 63:6
سَوَاءٌ عَلَيْهِمْ أَسْتَغْفَرْتَ لَهُمْ أَمْ لَمْ تَسْتَغْفِرْ لَهُمْ لَنْ يَغْفِرَ اللَّهُ لَهُمْ ۚ إِنَّ اللَّهَ لَا يَهْدِي الْقَوْمَ الْفَاسِقِينَ
তুমি সিহঁতৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা বা নকৰা, উভয়টো সিহঁতৰ বাবে সমান। আল্লাহে সিহঁতক কেতিয়াও ক্ষমা নকৰিব। নিশ্চয় আল্লাহ ফাছিক্ব সম্প্ৰদায়ক হিদায়ত নিদিয়ে।
তাফছীৰ
হে ৰাছুল! আপুনি সিহঁতৰ বাবে ক্ষমা বিচৰা আৰু নিবিচৰা উভয়ে সমান। আল্লাহে সিহঁতৰ গুনাহ কেতিয়াও ক্ষমা নকৰিব। আল্লাহে সেই সম্প্ৰদায়ক তাওফীক নিদিয়ে যিসকলে গুনাহৰ ওপৰত অবিচল থাকি আল্লাহৰ আনুগত্যৰ পৰা ওলাই যায়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক