ছূৰা 63 · জুজ 28

Al-Munafiqun · 63:5

وَإِذَا قِيلَ لَهُمْ تَعَالَوْا يَسْتَغْفِرْ لَكُمْ رَسُولُ اللَّهِ لَوَّوْا رُءُوسَهُمْ وَرَأَيْتَهُمْ يَصُدُّونَ وَهُمْ مُسْتَكْبِرُونَ

আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘আহা, আল্লাহৰ ৰাছুলে তোমালোকৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিব’, তেতিয়া সিহঁতে মূৰ জুকাৰি অস্বীকৃতি জনায়, আৰু তুমি সিহঁতক অহংকাৰ কৰি বিমুখ হৈ গুচি যোৱা দেখিবলৈ পাবা।

তাফছীৰ

আৰু যেতিয়া এই মুনাফিকসকলক কোৱা হয় যে, তোমালোকৰ পৰা যি ভুল হৈছে তাৰ ক্ষমাৰ বাবে ৰাছুলৰ ওচৰত আহা, তেখেতে তোমালোকৰ বাবে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিব, তেতিয়া সিহঁতে বিদ্ৰূপ আৰু উপলুঙা কৰি নিজৰ মুখখন ঘূৰাই লয়। আৰু আপুনি সিহঁতক দেখিবলৈ পাব যে, সিহঁতে সত্যক অগ্ৰাহ্য কৰি দম্ভালি মাৰি মুখ ঘূৰাই লয়, যিটোৰ আদেশ সিহঁতক দিয়া হৈছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক